নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সর্বাধিক গ’লৰ অভিলেখ ৰ’নাল্ডোৰ

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ পর্তুগাল আৰু জুভেণ্টাছৰ ছুপাৰ ষ্টাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডো ফুটবল ইতিহাসৰ সর্বাধিক গ’লদাতা হিচাপে চিহ্ণিত হৈছে৷ বুধবাৰে ইটালিয়ান ছুপাৰ কাপত নাপ’লিৰ বিৰুদ্ধে গ’ল কৰি ৩৫ বছৰীয়া তাৰকাগৰাকীয়ে কেৰিয়াৰৰ মুঠ গ’লৰ সংখ্য ৭৬০টালৈ বৃদ্ধি কৰে৷ ক্লাব আৰু দেশৰ হৈ ঘৰৰ মাটিত ৪১০টা, বিদেশৰ মাটিত ৩০৪টা আৰু নিৰপেক্ষ স্থানত ৪৬টা গ’ল কৰা ৰ’নাল্ডোৱে যোছেফ বিকানক (৭৫৯) অতিক্রম কৰে৷

You might also like