নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বার্ড ফ্লু আৰু ল’বলগীয়া সাৱধানতা

 

নিয়মীয়া বাৰ্তা ২৫ জানুৱাৰীঃ  বর্তমান ভাৰতত ক’ৰোনা ভাইৰাছৰ ভয়াৱহতা শেষ নৌহওঁতেই আকৌ এক নতুন ভাইৰাছে দেখা দিছে৷ ভাৰতত পুনৰ এবাৰ বার্ড ফ্লুৰ সংক্রমণৰ আশংকা কৰা হৈছে৷ হিমাচল প্রদেশ, ৰাজস্থান, কেৰালা, মধ্যপ্রদেশ সহিতে দেশৰ বহুকেইখন ৰাজ্যত এই ভাইৰাছ দ্রুতগতিত বৃদ্ধি পাইছে৷ যোৱা ডিচেম্বৰ মাহৰ শেষ সপ্তাহত হিমাচল প্রদেশৰ পং ডেম চেনচুৱেৰীত বহুসংখ্যক প্রবাসী পক্ষীৰ মৃত্যু ঘটিছে৷ ইয়াৰ পিছতে ৰাজস্থানত ময়ূৰ, কাউৰীৰ মৃত্যু হোৱাৰ লগতে কেৰালাত ১২,০০০তকৈ অধিক হাঁহৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ এই পক্ষীসমূহৰ ৰহস্যজনক মৃত্যুৰ পিছতNational Institute of High Security Animal Disease, Bhopalৰ লেবৰেটৰীলৈ পৰীক্ষাৰ বাবে নমুনা পঠিওৱা হৈছিল৷ উক্ত পৰীক্ষাত বার্ড ফ্লু অর্থাৎ এভিয়ান ইনফ্লুৱেঞ্জাৰ উপস্থিতি নিশ্চিতকৈ ধৰা পৰে৷
বার্ড ফ্লুনো কিঃ
বার্ড ফ্লু বা এভিয়ান ইনফ্লুৱেঞ্জা এবিধ ভাইৰাছৰ পৰা সংক্রমিত ৰোগ, যিয়ে পক্ষীৰ লগতে আন জীৱ–জন্তু বা মানুহকো সংক্রমিত কৰিব পাৰে৷ এই ভাইৰাছবিধৰ আৱৰণত দুবিধ বিশেষ এণ্টিজেন থাকে৷ সেয়া হ’ল হিমাগ্লুটিনিন আৰু লিউৰামিনিডেজ৷ এই দুবিধ এণ্টিজেনৰ ওপৰত নির্ভৰ কৰি এইবিধ ভাইৰাছৰ বিভিন্ন ধৰণৰ উপপ্রকাৰ সৃষ্টি হয়৷
এই উপপ্রকাৰসমূহৰ ভিতৰতH5N1 এবিধ অন্যতম ভাইৰাছ৷ ই পক্ষীৰ বাবে অতিকৈ ঘাতক, লগতে মানুহো সহজে এই ভাইৰাছ সংক্রমিত হ’ব পাৰে৷WHOৰ তথ্য অনুসৰি,H5N1 ভাইৰাছ পোনপ্রথমবাৰৰ বাবে হংকঙত ১৯৯৭ চনত মানুহৰ শৰীৰত পোৱা গৈছিল, লগতে প্রায় ৬০ শতাংশ লোক মৃত্যুমুখত পৰিছিল৷
বর্তমান আমাৰ দেশত ধৰা পৰা এভিয়ান ইনফ্লুৱেঞ্জা ভাইৰাছবিধৰ উপপ্রকাৰH5N8 বুলি গৱেষকসকলে মতপোষণ কৰিছে৷ এইবিধ ভাইৰাছৰ ভয়াৱহতাH5N1তকৈ কম বুলি জনা গৈছে৷ অর্থাৎ এই ভাইৰাছ এজন মানুহৰ পৰা অন্য এজন মানুহলৈ সহজে বিয়পিব পৰা সম্ভাৱনা কম৷ মুখ্য ৰূপত পক্ষীৰ মাজত এই ভাইৰাছ দ্রুতগতিত বিয়পে৷ বার্ড ফ্লুৰ ভাইৰাছো ক’ভিডৰ দৰেই সংক্রামক৷ যদিও ই মুর্গী, হাঁহ, ময়ূৰ আদিৰ মাজত বিয়পে, মানুহলৈও বিয়পি পৰাৰ আশংকা থাকে৷
কেনেকৈ বার্ড ফ্লু বিয়পেঃ
এই ভাইৰাছ সংক্রমিত পক্ষীৰ বিষ্ঠা, নাকৰ পানী বা মুখ আৰু চকুৰ পানী Secretion)ৰ পৰা মানুহলৈ বিয়পি পৰে৷ আক্রান্ত চৰাইৰ সংস্পর্শলৈ আহিলে এই ভাইৰাছ মানুহৰ শৰীৰলৈ সংক্রমিত হ’ব পাৰে৷
বার্ড ফ্লুৰ লক্ষণসমূহঃ
বার্ড ফ্লুৰ দ্বাৰা আক্রান্ত হোৱা পক্ষী সাধাৰণতে জুপুকা মাৰি থাকে, পাখিবোৰ জিকাৰ খাই থাকে৷ উশাহ–নিশাহ লোৱাত অসুবিধা হয়, ঠেঙৰ গাঁঠিত ৰক্তক্ষৰণ হয়৷ আক্রান্ত পৰীক্ষা পিয়াহ বেছিকৈ লাগে, লগতে পনীয়া শৌচ হয়৷ প্রায় দুই–এদিনতে আক্রান্ত পক্ষীসমূহ মৃত্যুমুখত পৰে৷
বার্ড ফ্লুৰ ভাইৰাছো ক’ৰোনাৰ নিচিনাকৈ মানুহৰ শ্বাসতন্ত্রত প্রভাৱ পেলায়৷
বার্ড ফ্লুত আক্রান্ত হোৱা মানুহৰ লক্ষণসমূহ হৈছে–
১/ কাহ, ২/ উশাহ–নিশাহ লোৱাত কষ্ট, ৩/ মূৰৰ বিষ ৪/ বমিৰ ভাব ৫/ জ্বৰ ৬/ গাৰ বিষ ৭/ অলপ কাম কৰিলেই ভাগৰ লগা ইত্যাদি৷
বার্ড ফ্লুৰ ফলত দেখা দিয়া জটিলতাসমূহঃ
১/ একেৰাহে চর্দি আৰু নাকৰ পানী বৈ থকাৰ ফলত নিউমোনিয়া হ’ব পাৰে৷
২/ চকুৰ জলা–পোৰা আৰু চকুৰ পানী পৰা৷
৩/ উশাহ নোপোৱা৷
৪/ কিডনী ফেইলৰ৷
৫/ কার্ডিয়াক এৰেষ্ট৷
বার্ড ফ্লুৰ ডায়েগ্ণ’ছিছঃ
উপৰিউক্ত লক্ষণসমূহৰ উপৰি আক্রান্ত পক্ষীৰ বিষ্ঠা বা নাকৰ পানী পৰীক্ষাগাৰত পৰীক্ষা কৰি এই ভাইৰাছ চিনাক্ত কৰা হয়৷
কোনসকল লোক বেছিকৈ বার্ড ফ্লুৰ দ্বাৰা সংক্রমিত হ’ব পাৰেঃ
১/ হাঁহ–কুকুৰাৰ পামত কাম কৰা বেপাৰী৷
২/ ভাইৰাছ সংক্রমিত ঠাইলৈ ভ্রমণ কৰা লোকসকল৷
৩/ সংক্রমিত পক্ষীৰ সংস্পর্শলৈ অহা৷
৪/ কণী বা মুর্গীৰ মাংস নিসিজাকৈ খোৱাৰ ফলত৷
বার্ড ফ্লুৰ চিকিৎসা ঃ
টামিফ্লু বা জানামিভিৰ নামৰ প্রতিবিষাণু Antiviral) ঔষধে এই বেমাৰৰ জটিলতা কমাব পাৰে৷ এই ঔষধ লক্ষণ দেখা দিয়াৰ ৪৮ ঘণ্টাৰ ভিতৰত লোৱা উচিত৷
বার্ড ফ্লুৰ পৰা হাত সাৰি থাকিবলৈ ল’ব লগা সাৱধানতাঃ
১/ আক্রান্ত পক্ষীৰ সংস্পর্শৰ পৰা আঁতৰি থাকক৷
২/ খোলা বজাৰ ত্যাগ কৰক৷
৩/ কণী বা মুর্গীৰ মাংস ১৬৫F (৭৩০৯C)ত উতলাই ৰান্ধিব লাগে৷ এনেকৈ খালে মুর্গী বা কণীৰ মাংস নিৰাপদ৷
৪/ কণী সিজাই খালে হালধীয়া অংশটো সম্পূর্ণ গোট মৰা উচিত৷
৫/ বার্ড ফ্লুৰ সংক্রমণৰ পৰা বাচি থাকিবলৈ ঘনাই হাত ধোৱক আৰু ছেনিটাইজ কৰিব৷
৬/ মাস্ক পৰিধান কৰাৰ লগতে পৰিষ্কাৰ–পৰিচ্ছন্ন মানি চলা উচিত৷
৭/ বার্ড ফ্লু ভাইৰাছৰ প্রভাৱ দেখাৰ ৪৮ ঘণ্টাৰ ভিতৰত ডাক্তৰৰ পৰামর্শ গ্রহণ কৰা উচিত৷

ডাঃ বিজিতা চুতীয়া
বি এ এম এছ, এম ডি (আয়ুর্বেদিক)
ষ্টেট কনছালটেণ্ট (নেচনেল আয়ুস মিছন)
দিছপুৰ, বশিষ্ঠ ৰোড, গুৱাহাটী

You might also like