নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্রান্তৰ জীৱনগাথাৰে

ডাঃ নৰোত্তম সোণোৱাল
সহযোগী অধ্যাপক, মেডিচিন বিভাগ
যোৰহাট চিকিৎসা মহাবিদ্যালয়
ফোনঃ  ৯৮৬৪০–৯৭৫৫৪

 

জীৱনক কি কি যে শিকোৱা নাই এই ক’ভিডে? নিঃসংগতা কি বস্তু, এই ক’ৰোনাই মর্মে মর্মে উপলব্ধি কৰিবলৈ শিকালে৷ আর্তজনৰ মৰণকাতৰ আর্তনাদ নিজেই ওচৰৰ পৰা দেখি, উশাহ ল’ব নোৱাৰি নিজ জীৱনৰ স’তে কৰা যুদ্ধখনৰ কথা ভাবিলে গা–মন জিকাৰ খাই উঠে৷ জীৱন ভিক্ষাৰ কাৰুণ্যত বন্দী হৈ যেতিয়া সকলো জানি–শুনি চকুৰে দেখি বন্দী হ’ব লগা হৈছিলোঁ, ভীষণ মনোকষ্ট হৈছিল৷ জীৱনৰ স’তে যুঁজি যুঁজি যমৰ দুৱাৰডলিৰ পৰা নিজকে ঘূৰাই অনাৰ যি শিহৰণকাৰী স্মৃতি, তাক বর্ণনা কৰাৰ সাহস কৰিব নোৱাৰি৷ জীৱনৰ চৰম মুহূর্তত এই ক’ৰোনাই টেঁটু চেপি ধৰা সময়খিনিত কাৰোবাৰ এষাৰ মাত, অলপ আদৰ, মমতা তথা সাত্ব্ন্নাৰ বাবে যি হাহাকাৰ কৰিব লগা হৈছিল, সেই কথা ভাবিলে গা–মন শিয়ৰি উঠে৷ কাৰণ এই ক’ভিড এনে এক মহামাৰী, যিয়ে নিজৰ আত্মীয়–স্বজন তথা পৃথিৱীৰ সকলো পৰিচিত প্রাণীৰ পৰাই নিজকে বিচ্ছিন্ন কৰি পেলাবলৈ বাধ্য কৰে৷ সেই সময়খিনিত অলপ সহায়, অলপ মৰম আৰু অলপ সহমর্মিতাৰ প্রয়োজন, সেয়া সর্বজনবিদিত৷ কিন্তু বাস্তৱিকতে সেয়া জানো সম্ভৱ৷ নিজকে সমাজৰ পৰা বিচ্ছিন্ন কৰি ৰাখিব লগা হোৱাটো কিমান হূদয়বিদাৰক আৰু কঠিন, সেয়া ভুক্তভোগীজনৰ বাহিৰে আন কোনেও ভাবিব নোৱাৰে৷
দেশৰ, দহৰ ভালৰ কাৰণে চিন্তা কৰাটোহে যোদ্ধাসকলৰ একমাত্র লক্ষ্য, ক’ভিডে কি দিলে সেয়া বিচার্য বিষয় নহয়৷ কিন্তু নিজৰ সাধ্যানুসাৰে যৎপৰোনাস্তি চেষ্টাৰ ত্রুটি কৰা নাছিলোঁ৷ সেইকাৰণেই বোধহয় সকলোৰে মৰম–চেনেহ আৰু প্রার্থনাত পুনৰ নতুন জীৱন লাভ কৰিবলৈ সক্ষম হ’লোঁ৷ আক্ষেপ নাই এই বুলিয়েই যে অন্ততঃ এই পৃথিৱীত ভাল মনৰ মানুহৰ এতিয়াও অভাৱ ঘটা নাই সেইসকলৰ অন্তৰত অন্ততঃ ঠাই অকণ উলিয়াই ল’বলৈ এই ক’ভিডে সুযোগ দিলে৷
এই পৃথিৱীত আৱির্ভাৱ হোৱা মহামাৰী ক’ৰোনাৰ যুদ্ধখনো এখন সাধাৰণ যুদ্ধ নহয়– এক ভয়ানক মহাযুদ্ধ৷ ই কেতিয়াকৈ যতি পৰিব, কোনে কেনেকৈ এই ৰণত পৰিব তাক কোনেও ক’ব নোৱাৰে৷ এই যুদ্ধ যে অতি দীঘলীয়া হ’ব, তাৰ আগজাননী ইতিমধ্যে পোৱা গৈছে৷ অসীম সামৰিক শক্তি, সাংগঠনিক ভেটি, সৈন্য–সামন্ত সকলো দিশৰ পৰা নিজকে মজুত কৰি নল’লে ইয়াক পৰাভূত কৰাটো ইমান সহজ নহ’ব৷ প্রত্যক্ষ কৰা ঘটনাবোৰে এই ইংগিতেই বহন কৰি আহিছে৷
ক’ৰোনাক জয় কৰিবলৈ যোৱাৰ আগতে তেওঁলোকে নিজকে জয় কৰি ল’ব পাৰিব লাগিব৷ এই যুদ্ধলৈ নির্বাচিত হোৱা সেই বীৰযোদ্ধাসকল হ’ব লাগিব মিউজিক পার্টীৰ অর্কেষ্ট্রাৰ দৰে৷ একাধাৰে নিৰোগী, কম বয়সীয়া, মননশীল, ধৈর্যশীল, নির্ভীক, সাহসী, শাসক, সামৰিক জ্ঞানেৰে, প্রত্যুৎপন্নমতি ইত্যাদি বহু আভিধানিক শব্দৰ গুণৰে অধিকাৰী৷ কার্য হ’ব লাগিব অতিকে সুসংগঠিত, সীমিত সৈনিকেৰে অধিক কর্ম৷
বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে পৃথিৱী বিখ্যাত প্রতিষ্ঠানেও ইয়াৰ ওচৰত হাৰ মানি বাৰে বাৰে ভাষ্য সলনি কৰিব লগাত পৰিছে৷ এই যুদ্ধত জঁপিয়াওঁতে, কার্যপন্থা হাতত লওঁতে ধৈর্যসহকাৰে আগবাঢ়িব লাগিব, নহ’লে বিপদ অনিবার্য৷ এই ক’ৰোনা সংক্রমিত হৈ ৰোগী মিনিটে মিনিটে ওলায়ে থাকিব, যেতিয়ালৈকে ইয়াক নিৰাময়ৰ প্রকৃত ঔষধ বা প্রতিষেধক আৱিষ্কাৰ নহয়৷ বিশ্বৰ বিভিন্ন সমীক্ষাই দেখুৱাইছে যে নিজৰ জীৱনকো তুচ্ছ কৰি এই ক’ৰোনাৰ পৰা মানৱ জাতিক ৰক্ষা কৰিবলৈ গৈ বৃহৎসংখ্যক চিকিৎসা কর্মীয়ে নিজৰ প্রাণ আহুতি দিছে৷ সকলো কথা দেখি–শুনিও বাৰম্বাৰ নিজৰ প্রতিৰক্ষা ক্ষমতাক বিপদাপন্ন কৰি চিকিৎসা কর্মীসকলে যুদ্ধক্ষেত্রলৈ গৈ তেওঁলোকৰ সেৱাত ব্রতী হৈ আছে, কিন্তু চিকিৎসকৰ উপদেশ নমনাসকলে প্রকৃত সত্যটো উদ্ঘাটন নকৰাকৈ বা তেওঁলোকৰ দুখ–কষ্টৰ কথা অকণো অনুধাৱন নকৰাকৈ কেৱল ওকালতি কৰাটো সমীচীননে? চিকিৎসা কর্মীসকল শিলৰ মূর্তি বা ৰবট নহয় যে বতাহ নসৰকা সেই কৱচ পিন্ধিলে তেওঁলোকৰ শ্বাস–প্রশ্বাসৰ পৰা আৰম্ভ কৰি দেহৰ বিভিন্ন প্রণালীৰ একো পৰিৱর্তন নঘটিব৷ সেই ৰক্ষা কৱচেৰে নিজকে চম্ভালি তেজৰ নমুনা সংগ্রহ কৰাৰ পৰা আৰম্ভ কৰি চেলাইন দি অপাৰেচন পর্যন্ত কৰিবলগা হোৱালৈকে দেহৰ সমস্ত শক্তি আৰু মনোবল ধৰি ৰখাটো কিমান জটিল এবাৰ ভাবি চাওক৷
যিয়েই নহওক লাগিলে, যেতিয়ালৈকে প্রকৃতপক্ষে কার্যতঃ সমুখ সমৰত প্রত্যক্ষভাৱে জঁপিয়াই নপৰে, তেতিয়ালৈকে ইয়াক কোনেও অনুধাৱন কৰিব নোৱাৰে৷ কর্তব্যৰ প্রতি দায়িত্ববোধ আৰু মানৱতাৰ খাতিৰতে চিকিৎসা কর্মীসকলে নিজ স্বার্থক জলাঞ্জলি দি জনসাধাৰণৰ সেৱাৰ বাবে ব্রতী হ’বলৈ বাৰে বাৰে আগবাঢ়ি আহিছে৷ কিন্তু সেইবুলি তেওঁলোকেও বুজা উচিত যে চিকিৎসা কর্মীসকলো সেই একে তেজ–মঙহৰে মানুহ৷ তেওঁলোকৰো বিবেক আছে, জীৱন আছে, সাংসাৰিক বান্ধোন আছে৷ এই যুদ্ধলৈ আগবাঢ়ি যোৱা যোদ্ধাই কেৱল শত্রু বধৰ কথা চিন্তা কৰিলেই হ’বনে, নিজক বচাবৰ বাবেও সর্বতোপ্রকাৰে চিন্তা কৰিব লাগিব৷ কাৰণ সৰু এটা ছিদ্র পালেই এই ক’ভিডৰ মহাকালে খোঁট মাৰি দিব৷ এই মহাযোদ্ধাৰ দায়িত্বও জানো কেৱল সেই ৰোগীক চিকিৎসাতে সীমাবদ্ধ থাকে? খাদ্যৰ পৰা আৰম্ভ কৰি, সামাজিক দায়িত্ব শিকোৱালৈকে ৰোগীজনৰ সমস্ত দায়িত্ব, চকুৰ টিপ এটা নমৰাকৈ প্রতিটো ছেকেণ্ডতে মন–মগজুক সক্রিয় কৰি ৰাখিব লগা হয়৷ পিপিই কিট পিন্ধি এবাৰ সেই হিট চেম্বাৰত সোমাই যোৱাৰ লগে লগে বাহিৰৰ জগতখনৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰে৷ দৈনিক নিত্য–নৈমিত্তিক ক্রিয়া–কর্ম কৰিহে সেই যুদ্ধক্ষেত্রত সোমাব লাগিব, কাৰণ কর্তব্যৰ সময়ত কিবা অসুবিধাৰ সৃষ্টি হ’লেও তাৰ পৰা এৰি পলায়ন কৰাৰ কোনো পথ নাই৷ তদুপৰি বায়ু নসৰকা সেই কৱচ পিন্ধি গৰমত ঘামি–জামি দেহৰ যি অৱস্থাৰ সৃষ্টি হয়, মগজুৱে ভাল চিন্তা কৰি উপযুক্ত আঁচনি লোৱাৰ শক্তিও নোহোৱা হৈ যায়৷ সেয়ে আমি সকলোৱে মিলিহে এই যুদ্ধত নামি পৰা উচিত৷ চিকিৎসকে নিজৰ কৰণীয় দায়িত্ব পালন কৰাৰ দৰে জনসাধাৰণেও স্বাস্থ্য বিভাগৰ নীতি–নির্দেশনা আখৰে আখৰে পালন কৰা উচিত৷

You might also like