নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্লাজমা থেৰাপী

ডাঃ পার্থসাৰথি ভূঞা

সমগ্র বিশ্বৰ লগতে আমাৰ অসমতো ক’ভিড–১৯ৰ সন্ত্রাস এতিয়াও অব্যাহত আছে৷ যেতিয়ালৈকে ইয়াৰ প্রতিৰোধী শক্তিশালী ভেকচিন এটা সাজু হৈ নুঠে, আমি সকলোৱে ক’ৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাবৰ বাবে ল’বলগীয়া সাৱধানতাখিনি কঠোৰভাৱে পালন কৰাৰ বাহিৰে আমাৰ হাতত আৰু বেলেগ উপায় নাই৷
বর্তমান দৈনিক শ শ লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱা আৰু প্রতিদিনে কেইবাজনকৈ লোকৰ ইয়াৰ ফলত মৃত্যু হোৱাৰ বাতৰি আমি পাই আহিছোঁ৷ যদিও বেছিভাগ লোকৰ ক্ষেত্রত ক’ভিড আক্রান্ত হোৱাৰ পাছতো বিশেষ গুৰুতৰ লক্ষণ দেখা নাযায়, আন একাংশৰ মাজত আকৌ ই হঠাৎ গুৰুতৰ ৰূপ ল’ব পাৰে৷ যিহেতু কোনজন ব্যক্তি গুৰুতৰভাৱে আক্রান্ত হ’ব, কোনজন কম পৰিমাণে আক্রান্ত হ’ব আমি নাজানো, সেয়ে প্রতিজন লোকেই অতি সাৱধান হৈ থকা ভাল৷
ক’ভিড ৰোগীৰ চিকিৎসাৰ লগত জড়িত এটা শব্দ আজিকালি সঘনাই শুনা যায়– সেইটো হৈছে প্লাজমা থেৰাপী৷ মানৱ দেহৰ তেজৰ ঈষৎ হালধীয়া পনীয়া অংশটোৱে হৈছে প্লাজমা, যি তেজৰ প্রায় ৫৫ শতাংশ আৰু এই পনীয়া অংশতেই লোহিত ৰক্ত কণিকা, শ্বেতৰক্ত কণিকা আৰু প্লেটলেট আদি ৰক্তকোষ (তেজৰ বাকী ৪৫ শতাংশ) মিহলি হৈ থাকে৷ কোনো এজন ব্যক্তি যদি কোনো সংক্রামক ৰোগত আক্রান্ত হয়, তেওঁৰ তেজ সংগ্রহ কৰি এক বিশেষ প্রক্রিয়াৰ সহায়ত তেজৰ আন উপাদানখিনি আঁতৰাই কেৱল এই প্লাজমা আছুতীয়াকৈ তৈয়াৰ কৰি ইয়াৰ দ্বাৰা একে ৰোগত আক্রান্ত আন ৰোগীক কৰা চিকিৎসাকে কনভালেছেণ্ট প্লাজমা থেৰাপী Convalescent Plasma therapy) বা সহজকৈ প্লাজমা থেৰাপী বুলি কোৱা হয়৷
কোনো বেক্টেৰিয়া বা ভাইৰাছ যেতিয়া আমাৰ শৰীৰত প্রৱেশ কৰে, আমাৰ দেহৰ ৰোগ প্রতিৰোধী ক্ষমতাই সেই বিশেষ বীজাণুৰ বিৰুদ্ধে আমাৰ দেহত এণ্টিব’ডীৰ সৃষ্টি কৰে৷ এই এণ্টিব’ডীয়ে বীজাণুৰ লগত যুঁজ কৰি তাক শক্তিহীন কৰাৰ চেষ্টা কৰে৷ সেয়ে যিসকল লোক ক’ভিড আক্রান্ত হৈ বর্তমান সুস্থ, তেনে লোকৰ শৰীৰৰ প্লাজমাত ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে এণ্টিব’ডী থাকে৷ এই এণ্টিব’ডীযুক্ত প্লাজমা যদি ক’ভিড আক্রান্ত লোক এজনক আৰম্ভণিতে দিয়া হয়, তেওঁ গুৰুতৰ অৱস্থালৈ যোৱাৰ পৰা বহুক্ষেত্রত ৰক্ষা পৰা দেখা গৈছে৷
প্লাজমা থেৰাপীৰ ধাৰণাটো নতুন নহয়৷ ই বহু বছৰ ধৰি চলি আহিছে আৰু আগতেও ইবোলা, স্পেনিছ ফুল আদিৰ চিকিৎসাৰ ক্ষেত্রত ইয়াক ব্যৱহাৰ কৰা হৈছে৷ ক’ভিড–১৯ৰ এটা শক্তিশালী ভেকচিন প্রস্তুত নোহোৱালৈকে হয়তো প্লাজমা থেৰাপীৰে চিকিৎসা চলাই যাবলগীয়া হ’ব৷
বর্তমান যিহেতু দৈনিক শ শ লোক ক’ভিডত আক্রান্ত হৈছে, সেয়ে প্রতিদিনে যথেষ্ট প্লাজমাৰ প্রয়োজন হৈছে৷ চৰকাৰেও প্লাজমা দানৰ বাবে বাৰে বাৰে আহ্বান জনাই আহিছে৷ সেয়ে ক’ভিডৰ পৰা সুস্থ হৈ উঠা ব্যক্তিসকলে নিঃসংকোচে প্লাজমা দান কৰা উচিত৷ এয়া একেবাৰে নিৰাপদ আৰু দানৰ প্রক্রিয়াটো ৰক্তদানৰ লগত একেই৷ প্লাজমা দানৰ বাবে বর্তমান আমাৰ অসমত এইকেইটা চর্ত পূৰণ হ’ব লাগে–
১৷ ব্যক্তিজনৰ ক’ভিড হোৱা বুলি টেষ্ট ৰিপ’ট থাকিব লাগিব৷
২৷ তেওঁৰ বেমাৰৰ লক্ষণ সম্পূর্ণভাৱে নোহোৱা হোৱা অতি কমেও ২৮ দিন হ’ব লাগিব৷
৩৷ বয়স অতি কমেও ১৮ বছৰৰ পৰা ৫৫ বছৰলৈ হ’ব লাগিব৷
৪৷ মহিলাৰ ক্ষেত্রত যুৱতী বা সন্তান নথকা মহিলাৰ পৰাহে লোৱা হয়৷
৫৷ দেহৰ ওজন ৫৫ কেজি বা তাতকৈ বেছি হ’ব লাগিব আৰু
৬৷ দাতাই বা তেওঁৰ পৰিয়ালৰ লোকে প্লাজমা দানৰ অনুমতি পত্রত চহী কৰিব লাগিব৷
ক’ভিডত আক্রান্ত হৈ সকলো লক্ষণ ভাল হোৱাৰ চাৰি মাহ হৈ যোৱা ব্যক্তি আৰু যদি কোনোবাই যোৱা দুমাহৰ ভিতৰত তেজ বা তেজৰ কিবা উপাদান নিজে গ্রহণ কৰিছে, তেনে ব্যক্তিৰ পৰা প্লাজমা লোৱা নহয়৷
প্রাৰম্ভিক পৰীক্ষণত প্লাজমা দানৰ বাবে যোগ্য বুলি বিবেচিত হোৱা ব্যক্তিজনৰ তাৰ পাছত কিছু লেবৰেটৰী টেষ্ট কৰোৱা হয় আৰু টেষ্টসমূহ ঠিকে থাকিলে ৰক্তদান প্রক্রিয়াত ৰক্ত সংগ্রহ কৰাৰ দৰেই ব্যক্তিজনৰ পৰা প্লাজমা প্রস্তুত কৰাৰ বাবে ৰক্ত সংগ্রহ কৰা হয়৷ এজন ব্যক্তিৰ পৰা সংগ্রহ কৰা তেজৰ পৰা দুটা ইউনিট প্লাজমা তৈয়াৰ কৰি দুজন ব্যক্তিক জীৱনদান দিব পৰা যায়৷
সেয়ে যিসকল ব্যক্তি ক’ভিডত আক্রান্ত হৈ বর্তমান সুস্থ, তেওঁলোকে প্লাজমা দানৰ বাবে নিজে আগবাঢ়ি অহা উচিত৷ বর্তমান গুৱাহাটী, ডিব্রুগড়, তেজপুৰ আদি কিছুমান ঠাইত প্লাজমা সংগ্রহ কৰি থকা হৈছে৷ কিন্তু ৰাজ্যৰ যিকোনো ঠাইৰ ব্যক্তিয়ে প্লাজমা দান কৰিব বিচাৰিলে ১০৪ নম্বৰত ফোন কৰিলে তেওঁলোকে সকলো যোগাযোগ কৰি দিব৷ প্লাজমা দানৰ বাবে যোগ্যতা থকা সকলো ব্যক্তিকে এই মহৎ কার্যৰ বাবে আগবাঢ়ি আহিবলৈ পুনৰ আহ্বান জনালোঁ৷

You might also like