নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজ্জ্বল হাঁহিৰ বাবে ভালে ৰাখিব লাগিব দাঁত

দাঁত সুস্থ কৰি ৰাখিব পাৰিলে বহুতো সমস্যাৰ পৰাই হাত সাৰিব পাৰি৷ প্রায়ভাগ লোকেই দাঁত দুপাৰি ভালে ৰাখিবলৈ চেষ্টা কৰে যদিও কিছুমান কাৰণত ব্যর্থও হয়৷ দৈনন্দিন জীৱনত দেখা যায় যে যিসকল লোকে শৰীৰক আনক ৰোগৰ পৰা পৰিত্রাণ পোৱাবলৈ বিভিন্ন ধৰণৰ পদক্ষেপ গ্রহণ কৰে, পিছে কেইদিনমান গুৰুত্ব দিয়াৰ পিছত সেই ৰোগ প্রতিৰোধ কৰিবলৈ যিবোৰ পদক্ষেপ গ্রহণ কৰিব লাগে সেই বিষয়ে পাহৰি যায়৷ তথাপি সুস্থ দুপাৰি দাঁতৰ বাবে কিছুমান নিয়ম তথা কিছু কিছু ক্ষেত্রত সতর্কতাৰ প্রয়োজন৷ দাঁতৰ সুৰক্ষা তথা এই সম্পর্কে থকা কিছু ভ্রান্ত ধাৰণা আদিৰ বিষয়ে উল্লেখ কৰা হ’ল৷

গাখীৰ খোৱা দাঁত কিয় পৰিষ্কাৰ কৰিব লাগে
সকলোৱে সৰুৰে পৰাই দাঁত পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্রত সতর্কতা অৱলম্বন কৰা উচিত৷ বহুতো লোকৰ মনত ভ্রান্ত ধাৰণা আছে যে গাখীৰ খোৱা দাঁত ভালদৰে পৰিষ্কাৰ নকৰিলেও হয়৷ কাৰণ বয়সৰ লগে লগে গাখীৰ খোৱা দাঁত সৰি যায়৷ এনে ধৰণৰ মানসিকতাৰ বাবে পৰৱর্তী সময়ত বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠে৷ যদিহে দাঁত সৰুৰে পৰাই ভালদৰে পৰিষ্কাৰ কৰা নহয়, তেতিয়াহ’লে দাঁতত গাঁত হোৱাৰ পৰা আৰম্ভ কৰি আলুৰ বিভিন্ন ৰোগ হোৱালৈকে সকলোবোৰেই হ’ব পাৰে৷ সাধাৰণতে শিশুসকলে মিঠাই, গাখীৰ, চর্বত আদি খাই ভাল পায়৷ এইবোৰ খোৱাৰ পিছত মুখখন ভালকৈ পৰিষ্কাৰ নকৰা বাবে দাঁতত গাঁত হোৱা আদি সমস্যাই গা কৰি উঠে৷ এনে সমস্যাৰ পৰা হাত সাৰিবলৈ শিশুটিক দাঁত গজাৰ পিছৰে পৰাই ভালদৰে ব্রাছ কৰিবলৈ শিকাব লাগে৷ শিশুটিক গাখীৰ খোৱা দাঁত সৰি স্থায়ীভাৱে দাঁত গজিবলৈ অপেক্ষা কৰি থকা দিন কেতিয়াবাই উকলিল৷ এতিয়াও যদি এনেধৰণৰ ভ্রান্ত ধাৰণাৰ বশৱর্তী হৈ থাকে, তেতিয়াহ’লে শিশুটিৰ বিপদ মাতি অনাৰ দৰেহে হ’ব৷ সময়ৰ লগে লগে মানুহৰ দৃষ্টিভংগীৰো সলনি কৰিব লাগিব৷ কিয়নো, যদি আমি পূর্বৰে পৰা চলি অহা কথাবোৰকে হাতৰ মুঠিত ৰাখি আগবাঢ়িব খোজোঁ, তেতিয়াহ’লে ইয়াৰ পৰা সুফল লাভ কৰাটো আশা কৰিব নোৱাৰি৷

চকলেটে দাঁতত গাঁত সৃষ্টি নকৰে
বহুতৰে মনত ভ্রান্ত ধাৰণা আছে যে চকলেট খালেই দাঁতত গাঁত হোৱাৰ আশংকা থাকে৷ সাধাৰণতে শিশুসকলৰ চকলেটৰ প্রতি দুর্বলতা থাকে৷ দিনটোৰ কথাতো বাদেই, নিশাও শিশুটিয়ে চকলেট খাবলৈ মন মেলে৷ পিছে শেহতীয়াভাৱে গৱেষকসকলে এইবুলি মন্তব্য কৰিছে যে কেৱল চকলেটেই দাঁতৰ সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে৷ এইখিনিতে এই কথা উল্লেখ কৰিব লাগিব যে চকলেট আদি খোৱাৰ পিছত যদি ভালদৰে মুখখন পানীৰে পৰিষ্কাৰ কৰা নহয়, তেতিয়াহ’লে বেক্টেৰিয়া আদিয়ে নিশ্চয়কৈ খোপনি পুতিবলৈ সক্ষম হয়৷ গতিকে সকলো সৰুৰে পৰাই সতর্ক হোৱা উচিত৷

ব্রাছ কৰিলেও ওলাব পাৰে মুখৰ দুর্গন্ধ
কিছুমান লোকৰ মুখৰ পৰা দুর্গন্ধ ওলাই থাকে৷ ফলত তেনে লোকৰ পৰা সকলোৱে আঁতৰি থাকিব খোজে৷ আনৰ স’তে কথোপকথন হ’লেও তেনে লোকে অস্বস্তিৰে সময় অতিবাহিত কৰিবলগীয়া হয়, ভালদৰে ব্রাছ কৰিলেও মুখৰ পৰা দুর্গন্ধ ওলায়৷ পানী কম খোৱাৰ পৰা আৰম্ভ কৰি, চিগাৰেট সেৱন আদিৰ বাবেও এনেধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে৷ এনেধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ হ’লে উপযুক্ত পৰিমাণে পানী খোৱাৰ লগতে আহাৰো গ্রহণ কৰিবই লাগিব৷ আজিকালি মাউথ ৱাছ আদিও ব্যৱহাৰ কৰিব পাৰি৷ অৱশ্যে এইক্ষেত্রত অভিজ্ঞ চিকিৎসকৰ পৰামর্শ গ্রহণ কৰা উচিত৷

ছুইংগাম দাঁতৰ বাবে অপকাৰী নহয়
ছুইংগাম আদিৰ বাবেও বহুতে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় বুলি ভাবে৷ আনহাতে, বেছি ছুইংগাম খোৱাৰ ফলত পৰোক্ষভাৱে সুস্থ দাঁত দুপাৰিতো অসুখ হ’ব পাৰে৷ অর্থাৎ গাঁত হ’ব পাৰে৷ এনে ভ্রান্ত ধাৰণাৰ বিপৈৰীতে শেহতীয়াভাৱে গৱেষকসকলে এইবুলি মন্তব্য কৰিছে যে ছুইংগাম চোবালে গাঁত আদি হোৱাৰ আশংকা হ্রাসহে পায়৷ কাৰণ ছুইংগাম চোবালে মুখত লেলাউটি নিঃসৰণ বেছিকৈ হয়৷ এনেদৰে লেলাউটি ওলোৱাৰ ফলত মুখত থকা অপকাৰী বস্তুবোৰ ধোৱা যায়৷ তদুপৰি দাঁতত জমা হৈ থকা টান অংশ খাদ্য ভাঙি হোৱা এচিডো ভালদৰে ধুই নিয়াত সহায় কৰে৷ অৱশ্যে ছুইংগাম চোবোৱাটো ব্রাছ কৰাৰ বিকল্প হ’ব নোৱাৰে৷

আলুৰ ৰোগ মুখতেই আবদ্ধ নাথাকে
দাঁতৰ আলুত বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ বাবে বহুতো ৰোগে গা কৰি উঠিবলৈ এখন উপযুক্ত ক্ষেত্র লাভ কৰে৷ ই দাঁতৰ বাবে হোৱা ৰোগৰ বাবে শৰীৰৰ আন অংশলৈ বিয়পি নাযায় বুলি ভবা লোকৰ সংখ্যা বেছি৷ পিছে এনে ধাৰণা সলনি কৰিবই লাগিব৷ কাৰণ আলুৰ ৰোগৰ বাবে হূদৰোগ, ডায়েবেটিছ আদিয়ে জটিল ৰূপ ধাৰণ কৰিব পাৰে বুলি শেহতীয়াভাৱে গৱেষকসকলে মন্তব্য কৰিছে৷ কিয়নো, মুখত থকা বহুতো বেক্টেৰিয়া, ভাইৰাছ আদিয়ে খাদ্যৰ স’তে পেটত প্রৱেশ কৰে৷ আনকি এইবোৰ হূদযন্ত্রলৈকে যোৱাৰো আশংকা নুই কৰিব নোৱাৰি৷ সেইবাবে আজি কালি হদৰোগৰ অস্ত্রোপচাৰৰ সময়ত দাঁত আদিৰ কিবা সমস্যা আছে নে নাই সেই বিষয়ে দন্ত চিকিৎসকৰ পৰামর্শ গ্রহণ কৰা হয়৷ গৱেষকসকলে এইবুলি মন্তব্য কৰিছে যে দাঁতৰ আলুৰ ৰোগৰ বাবে বিশেষকৈ পায়েৰীয়া থাকিলে হূদৰোগ হোৱাৰ আশংকা থাকে৷ এনে হ’লে বেক্টেৰিয়াৰ সংক্রমণ তেজলৈ বিয়পি পৰাৰ ফলত হূদযন্ত্রৰ ভাল্ভৰ ওপৰত প্রভাৱ পৰাৰ আশংকা থাকে৷

ডিমেনচিয়া হোৱাৰো আশংকা থাকে
দাঁতৰ ৰোগৰ বাবে পাহৰণি ৰোগ বা ডিমেনচিয়া হোৱাৰ আশংকা থাকে৷ যেতিয়া দাঁতৰ আলুৰ সংক্রমণ ঘটে, তেতিয়া ইয়াৰ পৰা ওলোৱা সংক্রামক অর্থাৎ বেক্টেৰিয়া আদিয়ে তেজৰ মাধ্যমত মস্তিষ্কৰ কোষ ধ্বংস কৰিব পাৰে৷ এনেধৰণৰ মস্তিষ্কৰ কোষ ধ্বংস মানেই স্মৃতিশক্তিৰ ওপৰত প্রভাৱ পৰা৷ গৱেষকসকলৰ মতে জিঞ্জিভাইটিছ হ’লে বেক্টেৰিয়া আদিয়ে স্নায়ুত প্রভাৱ পেলোৱাৰ ফলত এলঝেইমাৰ ৰোগ আদিয়ে গা কৰি উঠিব পাৰে৷ সেইবাবে সকলোৱে এনেবোৰ বিষয়ত সদায় গুৰুত্ব প্রদান কৰা উচিত৷ সময় থাকোঁতেই যদি ব্যৱস্থা গ্রহণ কৰা নহয়, তেতিয়াহ’লে বিপদ ঘনীভূত হোৱাৰ আশংকাই অধিক৷

You might also like