নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কপৌফুলৰ ভেষজ গুণ

ব’হাগ বিহু বুলি ক’লেই প্রতিজন অসমীয়াৰ গা সাতখন আঠখন হয়৷ মন হৈ পৰে উগুল–থুগুল৷ কুলি–কেতেকীৰ সুৰীয়া মাত, নাহৰ–কপৌফুল আদিয়ে লৈ আনে ব’হাগৰ বতৰা৷ বসন্তৰ আগমনৰ লগে লগে ধৰণী হৈ পৰে উর্বৰা, সেউজী কোমল–কুঁহিপাতৰ ওৰণি লৈ প্রকৃতি যেন হৈ পৰে চঞ্চলা, যৌৱনা৷ ব’হাগ বিহুৰ লগত কপৌফুলপাহিৰ সম্পর্ক ওতপ্রোত৷ কিন্তু কেৱল ব’হাগ বিহু বা অসমীয়া লোক–সংস্কৃতিৰ দিশৰ পৰাই নহয়, স্বাস্থ্য সম্পর্কীয় দিশৰ পৰাও কপৌফুল অতি গুৰুত্বপূর্ণ৷ কপৌফুল দেখিবলৈ যিদৰে ধুনীয়া, সেইদৰে ই নানাবিধ ঔষধি গুণেৰেও পৰিপুষ্ট৷ আজিৰ লেখাত আমি কপৌফুলৰ ঔষধি গুণৰ বিষয়ে কিছু কথা আলোচনা কৰিম৷

ব’হাগ বিহু আৰু কপৌফুলৰ সম্বন্ধ–
‘চেনাই তই আনিবি
কপৌফুল এপাহি
খোপাতে গুঁজি ল’ম মই
আঁহতৰ তলতে মই হ’ম নাচনী
ঢুলীয়া হ’বিগৈ তই…৷’

কপৌফুল…৷ প্রতিজন অসমীয়াৰ দেহ–মন শিহৰিত আৰু পুলকিত কৰা এটি নাম৷ বসন্ত ঋতুৰ আগমনৰ লগে লগে চ’ত–ব’হাগ মাহত ফুলি উঠা কপৌপাহিয়ে যেন লৈ আহে ব’হাগৰ বতৰা আৰু সজাই তোলে প্রকৃতিক ন–ৰূপত৷ এই সময়ত কপৌপাহিয়েও যেন অধীৰ আগ্রহেৰে বাট চাই ৰয় কোনোবা নাচনী গাভৰুৰ কলডিলিয়া খোপা শুৱনি কৰিবলৈ৷ অসমীয়াৰ জাতীয় জীৱনত কপৌফুলপাহি অতি আদৰৰ৷ ঋতুৰাজ বসন্তত অপৰূপ সৌন্দর্যৰে আত্মপ্রকাশ কৰা এই কপৌফুল জীৱন্ত প্রেমৰ প্রতীক৷

অসমীয়াৰ হিয়াৰ আমঠু ব’হাগ বিহুৰ লগত ওতপ্রোতভাৱে সাঙোৰ খাই আছে কপৌফুল৷ বিহুগীতসমূহত থকা কপৌফুলৰ বর্ণনাই ইংগিত দিয়ে অসমীয়াৰ অন্তৰত তথা আমাৰ জাতীয় জীৱনত কপৌফুলপাহিৰ আদৰ আৰু গুৰুত্ব কিমান, ই হৈছে সৌন্দর্য আৰু প্রেমৰ প্রতীক৷ ডেকাই গাভৰুৰ খোপাত কপৌফুল এপাহি গুঁজি প্রেম নিবেদন কৰে, মৰমৰ গভীৰতা প্রকাশ কৰে৷ চেনাই ধনে খোপাত গুঁজি দিয়া কপৌফুল পিন্ধি নাচনী গাভৰুৱে বিহু নাচে৷ বিহুৰ দিনা স্বামীয়ে নিজৰ স্ত্রীৰ খোপাত প্রেম, বিশ্বাস, মৰমৰ চিন স্বৰূপে কপৌফুল গুঁজি দিয়ে৷ ই প্রজননৰ প্রতীক হিচাপেও সমাজত সমাদৃত৷ ব’হাগ বিহুৰ লোকাচাৰ অনুসৰি পুৰুষেহে নাৰীৰ খোপাত কপৌফুল পিন্ধোৱা নিয়ম৷ নাৰীয়ে নিজে কপৌফুল পিন্ধিলে স্ব–কুল বিনাশ হয় বুলি অতীজৰে পৰাই বিশ্বাস কৰি অহা হৈছে৷ মঙলবাৰ আৰু শনিবাৰে বিহু অনুষ্ঠিত হ’লে কপৌফুলৰ শিপা খুন্দি তাৰ ৰস সেৱন কৰিলে বছৰটোলৈ হাড়ৰ নানাধৰণৰ ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰি বুলি লোকবিশ্বাস আছে৷ কপৌফুল হৈছে অসম তথা সমগ্র উত্তৰ–পূর্বাঞ্চলত সহজে উপলব্ধ এবিধ ফুল৷ ইয়াক ইংৰাজীত অর্কিড orchid) বা ফক্স টেইল Fox tail) বুলি কোৱা হয়৷ কপৌফুলৰ বৈজ্ঞানিক নাম হৈছেRhynchostylis retusa আৰু ইOrchidaceae পৰিয়ালৰ অন্তর্ভুক্ত৷

সমগ্র উত্তৰ–পূর্বাঞ্চলত প্রায় ৬৫০বিধ অর্কিড পোৱা যায়৷ তাৰে প্রায় ৭৬বিধ কেৱল অসমতে উপলব্ধ৷ অসমৰ পাহাৰ, ভৈয়াম সকলোতে কপৌফুল পোৱা যায়৷

কপৌফুল এবিধ পৰাশ্রয়ী উদ্ভিদ যদিও ই আশ্রয় লৈ থকা গছজোপাৰ পৰা আহাৰ গ্রহণ নকৰে৷ শূন্যত ওলমি থকা কেতবোৰ অস্থানিক মূল আৰু পাতৰ পত্রহৰিতৰ সহায়ত সালোক সংশ্লেষণ পদ্ধতিৰে খাদ্য উৎপন্ন কৰে৷ মাটিৰ লগত পোনপটীয়াকৈ সম্পর্ক নাই বাবে পানীৰ বাবে ই বৰষুণ বা নিয়ৰৰ ওপৰত নির্ভৰশীল৷ মার্চ–এপ্রিল মাহত সাধাৰণতে কপৌফুল ফুলে৷ অসংখ্য পাহিৰে ভৰা, দীঘল, লাহী আৰু বগা, গুলপীয়া, বেঙুনীয়া ৰঙৰ ফুলটো হৈছে আমাৰ অতি মৰমৰ কপৌফুল৷ এজোপা উদ্ভিদত কেইবাটাও কপৌফুল ফুলে৷ কপৌফুল কেইবাদিনলৈ সজীৱ হৈ থাকে৷ বর্তমান কৃত্রিম প্রজনন পদ্ধতিৰেও কপৌফুল ফুলোৱা হয়৷ বিজ্ঞানীসকলে ষ্টেট টিউবটো কপৌফুল সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷

সৃষ্টিকর্তাই অকণো কার্পণ্য নকৰাকৈ সৃষ্টি কৰা সৌন্দর্যৰ প্রতীক এই কপৌফুল নানাবিধ ঔষধি গুণেৰেও পৰিপুষ্ট৷ কপৌৰ শিপা আৰু ফুল বিভিন্ন ৰোগত অতি ফলপ্রসূ৷ জানিব পৰা মতে, অসমত প্রায় ২৫বিধ ভেষজ গুণসম্পন্ন কপৌফুল আছে৷ ইয়াৰ ৰস তিক্ত, গুণ গুৰু আৰু বীর্য উষ্ণ৷ ই এবিধ উত্তম আমপাচক৷ গাঁঠিৰ বিষ, বাতবিষ, বাতৰক্ত আদিত কপৌফুলৰ পৰা নির্মিত ঔষধ চূর্ণ, বতি বা ক্কাথ হিচাপে ৰোগীক সেৱন কৰালে খুব ভাল ফল পোৱা যায়৷ কাহ, জ্বৰ, পেটৰ বিভিন্ন সমস্যাৰ বাবেও ই অতি উপকাৰী৷ হাড়ৰ নানাবিধ বেমাৰৰ বাবে ই অতি ফলদায়ক৷ কপৌফুল এবিধ উৎকৃষ্ট এণ্টি বেক্টেৰিয়েল আৰু এণ্টি ফাংগেল৷ মেলেৰিয়া, যক্ষ্মা, অর্বুদ আদি ৰোগতো ই ব্যৱহূত হয়৷ মহিলাৰ মাহেকীয়া সম্পর্কীয় নানা সমস্যাত কপৌফুলে সুফল দিয়ে৷ বিভিন্ন ধৰণৰ ঘা, কটা–ছিঙা আদিত কপৌফুল প্রয়োগ কৰা হয়৷ ই এবিধ উত্তম ৰক্তশোধক৷ এন্দুৰ, বিছা বা সাপে কামুৰিলে উগ্র গোন্ধযুক্ত কপৌফুলৰ ৰস ব্যৱহাৰ কৰিলে বিষৰ প্রকোপ নাইকিয়া হয়৷ তদুপৰি কপৌফুল আৰু এই জাতীয় নানাবিধ অর্কিড সুগন্ধি দ্রব্য আৰু ৰং প্রস্তুতকৰণতো ব্যৱহূত হয়৷

কপৌফুলৰ লগতে আন বহু প্রজাতিৰ অর্কিডৰ বাবে অসম তথা সমগ্র উত্তৰ–পূর্বাঞ্চলৰ জলবায়ু অতি অনুকূল৷ এই অঞ্চলৰ পৰা নিয়া অর্কিডে বিশ্বৰ নানা ঠাইৰ শোভাবর্ধন কৰিছে৷ এই কপৌফুলৰ ওপৰত বিভিন্ন ধৰণৰ গৱেষণাও চলি আছে৷ কিন্তু জধে–মধে বনাঞ্চল ধ্বংসকার্যই এই কপৌফুলৰ অস্তিত্ব লাহে লাহে বিপন্ন কৰিছে৷ অসমীয়া জনজীৱনৰ অতি চেনেহৰ কপৌফুলৰ প্রচুৰ পৰিমাণে উৎপাদন আৰু সংৰক্ষণ কৰাটো বর্তমান অতি প্রয়োজনীয় হৈ পৰিছে৷

You might also like