নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিতা আৰু ইয়াৰ উপকাৰিতা

নিবেদিতা বৰা

অমিতা আমাৰ সকলোৰে বাবে এক পৰিচিত খাদ্য৷ প্রত্যেকগৰাকী অসমীয়াৰ ঘৰ বা বাৰীত অমিতা গছ থকা পৰিলক্ষিত হয়৷ এই অমিতাৰ বহুতো ঔষধি গুণ আছে৷ এই অমিতা ভিটামিনC, A, কেলচিয়াম, পটাছিয়াম আৰু আয়ৰনেৰে পৰিপূর্ণ হৈ আছে৷ অমিতাৰ পাত, ফুল, ফল, শিপা সকলো ঔষধি হিচাপে ব্যৱহাৰ কৰিব পাৰি৷ অমিতাত কেৰোটেনোইড নামৰ এবিধ এণ্টিক্সিডেণ্ট থাকে৷
এই এণ্টিক্সিডেণ্ট আন ফলমূল–পাচলিত থকা এণ্টিক্সিডেণ্টতকৈ উত্তম৷
অমিতাৰ উপকাৰী গুণ:

  • অমিতা চকুৰ বাবে উপকাৰী৷ অমিতাত যথেষ্ট পৰিমাণৰ ‘ভিটামিন এ’ পোৱা যায়৷ সিয়ে চকুৰ ৰোগৰ পৰা ৰক্ষা কৰে লগতে চকুৰ ৰশ্মি কম হোৱাৰ পৰাও ৰক্ষা কৰে৷
  • অমিতা ডায়েবেটিছ ৰোগীৰ বাবে উত্তম৷ পকা অমিতাত শর্কৰাৰ পৰিমাণ নামমাত্র৷ গতিকে ডায়েবেটিছ ৰোগীৰ বাবে ই হানিকাৰক নহয়৷তদুপৰি যিসকল লোকৰ ডায়েবেটিছ ৰোগ নাই, সেইসকল লোকেও অমিতা খালে ডায়েবেটিছ হোৱাৰ আশংকা নাথাকে৷
  • অমিতাই প্রতিৰোধক ক্ষমতা বৃদ্ধিত সহায় কৰে৷ অমিতাত ভিটামিন ‘চি’ পোৱা যায়৷ ই শৰীৰক বিভিন্ন ৰোগৰ সংক্রমণৰ পৰা ৰক্ষা কৰে৷
  • শেহতীয়াকৈ এক তথ্যত জানিব পৰা গৈছে যে অমিতা কর্কট ৰোগৰ বাবেও সহায়ক৷অমিতা খালে ক’লন আৰু প্রষ্টেট গ্রন্থিৰ কেঞ্চাৰৰ পৰা ৰক্ষা পাব পাৰি৷ অমিতাত থকা ভিটামিন ‘চি, বিটা কেৰোটিন আৰু ভিটামিন ‘ই’য়ে শৰীৰত কেঞ্চাৰ কোষ সৃষ্টিত বাধা প্রদান কৰে৷
  • অমিতাই ভাগৰ তথা হতাশা দূৰ কৰাত সহায় কৰে৷
  • অমিতাই হজম শক্তি বৃদ্ধিত সহায় কৰে৷ অমিতাত থকা পেপেইন নামক উপাদানে হজম শক্তি বৃদ্ধি পায়৷ লগতে যিসকল লোক পেটৰ বিভিন্ন সমস্যা যেনে– কোষ্ঠকাঠিন্যত ভুগি আছে, তেওঁলোকে এনে সমস্যাৰ পৰা মুক্ত হ’বলৈ অমিতা খোৱা প্রয়োজন৷
  • অমিতাই ওজন হ্রাস কৰাত সহায় কৰে৷ওজন হ্রাস কৰিব বিচৰাসকলে ইয়াক নিজৰ খাদ্য তালিকাত অন্তর্ভুক্ত কৰিব পাৰে৷
  • অমিতা ছালৰ বাবেও যথেষ্ট উপকাৰী৷
  •  অমিতা গছৰ পৰা নিঃসৃত হোৱা বগা ৰহ Latex) এ জুয়ে পোৰা দাগ আঁতৰ হোৱাত সহায় কৰে৷
  • মাহেকীয়া হোৱাৰ সময়ত হোৱা বিষৰ পৰা পৰিত্রাণ পাবলৈ মহিলাসকলে খাদ্যৰ তালিকাত অমিতা অন্তর্ভুক্ত কৰিব পাৰে৷
  • দাঁতৰ বিষৰ সমস্যাৰ পৰা পৰিত্রাণ পোৱাটো অমিতাই সহায় কৰে৷
  • ডেংগুৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধতো অমিতাৰ পাত থাকে৷
You might also like