নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাকেৰে দিয়া হ’ব কৰোনাৰ ভেকচিন, পৰীক্ষাৰ বাবে প্ৰস্তুত ভাৰত

নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ   অতি শীঘ্ৰে, চিৰাম ইষ্টিটিউট অফ ইণ্ডিয়া আৰু ভাৰত বায়োটেকে নাকত দিয়া কৰোনা ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰা হ’ব। দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে এইদৰে কয়।

ভাৰত বায়োটেকে ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্কুল অফ মেডিচিনৰ অংশীদাৰিত্বত এই ভেকচিন পৰীক্ষা কৰা হ’ব বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

এই সময়তে, দেশৰ বহুতো ঔষধ কোম্পানীয়ে দেশত কৰোনা ভেকছিনৰ ওপৰত পৰীক্ষণ কৰি আছে । কিন্তু এতিয়ালৈকে, কোনেও নাকত দিয়া ভেকচিনৰ পৰীক্ষণ আৰম্ভ কৰা নাই। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে জানিবলৈ দিছিল যে চিৰাম আৰু ভাৰত বায়োটেকৰ দ্বাৰা ড্ৰাগ কণ্ট্ৰলাৰৰ অনুমোদিত হোৱাৰ পিছত ভেকচিনৰ পৰীক্ষণ আৰম্ভ হ’ব। এই ভেকচিনটো নাকৰ যোগেৰে প্ৰয়োগ কৰা হ’ব, অৱশ্য়ে বেজী ব্যৱহাৰ নকৰাকৈ প্ৰয়োগ কৰা হব।

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে প্ৰতিষেধকৰ প্ৰথম পৰ্যায়টো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেইণ্ট লুইচ বিশ্ববিদ্যালয়ৰ ভেকছিন আৰু ট্রিটমেন্ট ইভ্যালুয়েচন ইউনিটত পৰীক্ষা কৰা হ’ব। যদি ড্ৰাগ কণ্টলাৰে অনুমতি দিয়ে তেন্তে ভাৰত বায়’টেকে পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষাৰ বাবে সাজু হ’ব। আৰু সেই পৰ্যায়ৰ পৰীক্ষাবোৰ ভাৰতত হ’ব।

You might also like