সাৱধানতা–নিৰীক্ষণ ক’ভিডৰ বিৰুদ্ধে যুঁজিব ভাৰতেঃ মোদী
নিয়মীয়া বার্তা, ২ জানুৱাৰী: দেশজুৰি অমিক্রনসহ ক’ভিড–১৯ৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাই থকাৰ সময়তে শনিবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিশ্বাসেৰে মহামাৰী ক’ভিডক প্রতিহত কৰিব বুলি মন্তব্য কৰিছে৷ প্রধানমন্ত্রী কিষাণ সন্মান নিধি (পিএম–কিষাণ) আঁচনিৰ অধীনত কৃষকক দশম কিস্তিৰ ধন মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে ক’ভিড সন্দর্ভত গুৰুত্বপূর্ণ মন্তব্য কৰি কয়– সম্পূর্ণ সাৱধানতা আৰু নিৰীক্ষণেৰে ভাৰতে ক’ভিড–১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিব৷ দেশৰ স্বার্থক সুৰক্ষা দিব৷ তদুপৰি তেওঁ কয় যে দেশত ক’ভিড–১৯ ভেকচিন ১৪৫ কোটি ড’জ প্রদান কৰা হৈছে৷ ক’ৰোনাই ভাৰতৰ গতি ৰুদ্ধ কৰিব নোৱাৰে৷ ২০২১ত দেশৰ বিভিন্ন খণ্ড বিশেষকৈ স্বাস্থ্য, প্রতিৰক্ষা আৰু কৃষিখণ্ডত লাভ কৰা সফলতাৰ বিষয়ে ব্যাখ্যা কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে কেন্দ্রীয় চৰকাৰে ৮০ কোটি হিতাধিকাৰীক অতিৰিক্তকৈ খাদ্য ক’ৰোনাৰ মহামাৰীৰ সময়ত যোগান ধৰিছিল৷ যাৰ বাবে ব্যয় হৈছিল ২.৬ লাখ কোটি টকা৷
- ২৪ ঘণ্টাত দেশজুৰি ক’ভিডত আক্রান্ত ২২,৭৭৫জন, মৃত্যু ৪০৬জন, মহাৰাষ্ট্রত ১০ মন্ত্রী–২০ বিধায়ক ক’ভিডত আক্রান্ত
ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ কবলত পৰাৰ দিশে দেশ আগবাঢ়িছে৷ প্রতিদিনে ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ সমান্তৰালকৈ ক’ভিডৰ নতুন প্রকৰণ অমিক্রনত আক্রান্তৰ সংখ্যাও দেশত বৃদ্ধি পাইছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে, যোৱা ২৪ ঘণ্টাত দেশত ক’ভিড আক্রান্ত হৈছে ২২,৭৭৫জন৷ মৃত্যু ঘটিছে ৪০৬জনৰ৷ আক্রান্তৰ বিপৰীতে সুস্থ হৈ উঠাৰ সংখ্যা কম৷ যোৱা ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৮,৯৪৯জন৷ লক্ষণীয় যে বিগত কেইবাদিন ধৰি দ্রুতগতিত বৃদ্ধি পাই আছে ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা৷ যোৱা ২৪ ঘণ্টাত ২২ সহস্রাধিক লোক আক্রান্ত হোৱাত দেশত ক’ভিড ৰোগীৰ সংখ্যা এক লাখ অতিক্রম কৰিছে৷ আনপিনে ৪০৬জন লোকে প্রাণ হেৰুওৱাত দেশত মুঠ মৃতকৰ সংখ্যা ৪,৮১,৪৮৬লৈ বৃদ্ধি পাইছে৷ মন কৰিবলগীয়া যে ক’ভিড–১৯ৰ সমান্তৰালকৈ অমিক্রনত আক্রান্তৰ সংখ্যা দেশজুৰি ভয়াৱহ হাৰত বৃদ্ধি পাইছে৷ যোৱা ২ ডিচেম্বৰত কর্ণাটকত প্রথমজন অমিক্রন ৰোগী ধৰা পৰাৰ পাছত প্রায় এমাহৰ ভিতৰতে দেশজুৰি অমিক্রনত আক্রান্তৰ সংখ্যা ১,৫০০ স্পর্শ কৰাৰ দিশত৷ বর্তমানলৈকে অমিক্রনত আক্রান্ত লোকৰ সংখ্যা ১,৪৩১জনলৈ বৃদ্ধি পাইছে৷ আক্রান্তৰ ভিতৰত সর্বাধিক মহাৰাষ্ট্রত ৪৪৬ আৰু দেশৰ ৰাজধানী দিল্লীত ৩৫১৷ দেশৰ ২৪খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চললৈ অমিক্রনৰ সংক্রমণ সম্প্রসাৰিত হৈছে৷ অমিক্রন আৰু ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা মহাৰাষ্ট্রত সর্বাধিক৷ ৰাজ্যখনত এতিয়ালৈকে ১০জন মন্ত্রী আৰু ২০তকৈ অধিক বিধায়ক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ উপ–মুখ্যমন্ত্রী অজিত পাৱাৰে ৰাজ্যখনৰ মন্ত্রী আৰু বিধায়ক আক্রান্ত হোৱাৰ তথ্য সাংবাদিকৰ আগত প্রকাশ কৰিছে৷ ৰাজ্যখনত অমিক্রনসহ ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত বাহাল থকাতকৈ অধিক কঠোৰ ক’ভিড নির্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে বুলিও উপ–মুখ্যমন্ত্রীগৰাক্ প্রকাশ কৰিছে৷ বৃহস্পতিবাৰৰ তুলনাত শুকুৰবাৰে ৫০ শতাংশতকৈ অধিক লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ৰাজ্যখনত ১৫ জানুৱাৰীলৈ ১৪৪ ধাৰা জাৰি কৰাৰ লগতে নৈশ সান্ধ্য আইন বলৱৎ হৈ আছে৷ বাণিজ্যিক ৰাজধানী মুম্বাই আৰু পুনেত অমিক্রন আৰু ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই আছে৷ আনপিনে দেশৰ ৰাজধানী নতুন দিল্লীতো অমিক্রনসহ ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাই আছে৷ কেৰালাতো একেই পৰিস্থিতি সৃষ্টি হৈছে৷