মালিগাঁৱত নাহৰফুটুকীৰ আক্রমণত আহত কুমাৰ ছেত্রী
নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ গুৱাহাটী মহানগৰীৰ আশে–পাশে থকা পাহাৰসমূহত দীর্ঘদিন ধৰি চলি থকা অবাধ বেদখল আৰু বনাঞ্চল ধ্বংসৰ পৰিণতিৰ ফল ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে ৷ বনাঞ্চলৰ পৰা ওলাই অহা বন্যপ্রাণীৰ আক্রমণত মহানগৰীৰ বিভিন্ন স্থানত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে বহুজন ৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ অহা এটা নাহৰফুটুকীৰ আক্রমণত শনিবাৰে পুনৰ মালিগাঁৱৰ মাধৱদেৱ নগৰত এজন লোক গুৰুতৰভাৱে আহত হয় ৷ দিন–দুপৰতে মালিগাঁৱৰ মাধৱদেৱ নগৰত নাহৰফুটুকীৰ আক্রমণত আহত হোৱা কুমাৰ ছেত্রী নামৰ লোকজন সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ নাহৰফুটুকীৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷ উল্লেখ্য যে এসপ্তাহ পূর্বে কুমাৰ ছেত্রীক নাহৰফুটুকীয়ে আক্রমণ কৰিছিল বুলি স্থানীয় লোকে জানিবলৈ দিছে ৷ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ অন্তত ঘৰলৈ অহাৰ পাছতে তেওঁ পুনৰ নাহৰফুটুকীৰ আক্রমণৰ বলি হ’বলগীয়া হয় ৷ মালিগাঁৱৰ মাধৱদেৱ নগৰত সঘনাই নাহৰফুটুকীয়ে উপদ্রৱ চলোৱাত অঞ্চলটোৰ লোকসকলে বন বিভাগক এইক্ষেত্রত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে ৷