নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামৰূপ সাৰ কাৰখানাৰ বাবে ভাল খবৰ অহাৰ অপেক্ষাত আছে মুখ্যমন্ত্ৰী!

কোভিড পৰিস্থিতিৰ বাবে পিছুৱাবলগীয়া হ’ব পাৰে শংকৰ সংঘৰ অধিৱেশন

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ নামৰূপ সাৰকাৰখানাৰ প্ৰতি অচিৰেই ভাল খবৰ অহাৰ অপেক্ষাত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ কেন্দ্ৰই ইতিমধ্যে সাৰকাৰখানাটোৰ বাবে ১০০কোটি আৱন্টন জনাইছে আৰু ৰাজ্য চৰকাৰেও নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোটৰ বাবে ২৬শতাংশ মূলধন আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ৷ এই তথ্য নামৰূপলৈ আহি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে ৷

আজি সন্ধিয়া নামৰূপ বি.ভি.এফ চি এল চিকিৎসালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই চিকিৎসালয়খন ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ সহযোগত উন্নীত কৰিব বুলিও ঘোষণা কৰে। ইফালে কোভিড সংক্ৰমণ যদি বৃদ্ধি পাই থাকে তেন্তে নাহৰকটীয়াত অনুষ্ঠিতব্য ৯১ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন পিছুৱাবলগীয়া হ’ব পাৰে বুলি সংবাদমাধ্যমৰ সন্মুখত ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। নামৰূপলৈ যোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদ্যমাতৃহাৰা নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ গৃহতো প্ৰৱেশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায়।

প্ৰেৰকঃ বুলন শইকীয়া / নাহৰকটীয়া

You might also like