নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ আম আদমী পাৰ্টীকে ধৰি কংগ্ৰেছ আৰু বিজেপি । দেওবাৰে দিল্লীৰ শাসকীয় দল আম আদমী পাৰ্টীয়ে উন্মোচন কৰে ‘কেজৰিৱাল কা গ্যৰাণ্টি কাৰ্ড’ অৰ্থাৎ আগন্তুক নিৰ্বাচনী ইস্তাহাৰ ।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উল্লেখ কৰা অনুসৰি আগন্তুক ৫ বছৰৰ ভিতৰত দিল্লীত প্ৰতিটো ঘৰত ২৪ ঘণ্টাই যোগান ধৰা খোৱাপানী । লগতে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিনামূলীয়া বাছসেৱা যোগান ধৰাৰ কথাও কয় কেজৰিৱালে ।