নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ ‘কা’ৰ সন্দৰ্ভত বলিউডৰ বিখ্যাত অভিনেতা ৰাজা মুৰাদৰ বিতৰ্কিত মন্তব্য । উল্লেখ্য যে অভিনেতাজনে নাগৰিকত্ব সংশোধনী আইনক ‘অসাংবিধানিক’ আখ্যা কৰি কয় যে- মোৰ আইনখনক লৈ কোনো আপত্তি নাই । কিন্তু এইখন সকলোৰে বাবে সমান হোৱাটো উচিত । চৰকাৰে পাকস্তানী গায়ক আদনান শ্বামীকো ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিছিল, যি এজন মুছলিম লোক !!!
ইপিনে অভিনেতাজনৰ এনে বিতৰ্কিত মন্তব্যৰ পাছতে ক্ষুব্ধ হৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গায়ক আদনান শ্বামীয়েও । তেওঁ আইনখনক সমৰ্থন কৰি এক টুইটযোগে লিখিছে- “মই ভাবিছিলো এই অভিনেতাজন এজন খলনায়ক ! আৰু তেওঁ কেৱল চিনেমাতেই টুলুঙা কথা কয় !!”
I thought that this guy was a villain & talked crap only in Movies!!?? https://t.co/Mws3W1IZYp
— Adnan Sami (@AdnanSamiLive) January 18, 2020