নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাক গায়ক আদনানে যদি নাগৰিকত্ব পায় তেন্তে ‘কা’ৰ অধীনত আন মুছলমান লোকে কিয় নাগৰিকত্ব নাপাব !!!

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ ‘কা’ৰ সন্দৰ্ভত বলিউডৰ বিখ্যাত অভিনেতা ৰাজা মুৰাদৰ বিতৰ্কিত মন্তব্য । উল্লেখ্য যে অভিনেতাজনে নাগৰিকত্ব সংশোধনী আইনক ‘অসাংবিধানিক’ আখ্যা কৰি কয় যে- মোৰ আইনখনক লৈ কোনো আপত্তি নাই । কিন্তু এইখন সকলোৰে বাবে সমান হোৱাটো উচিত । চৰকাৰে পাকস্তানী গায়ক আদনান শ্বামীকো ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিছিল, যি এজন মুছলিম লোক !!!

ইপিনে অভিনেতাজনৰ এনে বিতৰ্কিত মন্তব্যৰ পাছতে ক্ষুব্ধ হৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গায়ক আদনান শ্বামীয়েও । তেওঁ আইনখনক সমৰ্থন কৰি  এক টুইটযোগে লিখিছে- “মই ভাবিছিলো এই অভিনেতাজন এজন খলনায়ক ! আৰু তেওঁ কেৱল চিনেমাতেই টুলুঙা কথা কয় !!”

You might also like