সমুদ্ৰ ভালপোৱা সকলৰ বাবে এটি সুখবৰ। দেশৰ ভিতৰতে অন্যতম বন্দৰ চহৰ বিশাখাপট্টনমত এইবাৰ পৰ্যটকে ল’ব পাৰিব সুকীয়া আনন্দ। ইচ্ছা গ’লেই সমুদ্ৰৰ শীতল বতাহ লৈ ভাসমান ৰেষ্টুৰেণ্টত খাবলৈ যাব পাৰিব বিচৰাজনে। অন্ধ্ৰপ্ৰদেশৰ পৰ্যটন উন্নয়ণ নিগমে হাতত লৈছে এটা নতুন উদ্যোগ। সকলো ঠিকে থাকিলে বাংলাদেশৰ পৰা অনা বৃহদাকাৰৰ কাৰ্গো জাহাজ এখনত ভোজনৰ আনন্দ ল’ব পাৰিব মানুহে। পৰিত্যক্ত এই জাহাজখনৰ নাম এম ভি মা। জানিব পৰা মতে, অন্ধ্ৰপ্ৰদেশৰ পৰ্যটন উন্নয়ণ নিগমে ১.২৫ কোটি টকাৰে কিনি আনিছে এম ভি মা। এই জাহাজখনক এতিয়া ৫০০ লোকৰ ক্ষমতা বহন কৰিব পৰা ধৰণে ভাসমান ৰেষ্টুৰেণ্টৰ ৰূপ দিয়াৰ কাম চলি আছে।
Prev Post
Next Post