নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৮,৩৪০ কিলোমিটাৰ মানৱ শৃংখলেৰে বিহাৰত নতুন অভিলেখ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ ১৮,৩৪০ কিলোমিটাৰ মানৱ শৃংখলেৰে দেওবাৰে বিহাৰে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়৷

পৰিৱেশ সুৰক্ষা অভিযান তীব্রতৰ কৰি বিহাৰত নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰে মানৱ শৃংখলৰ দৰে অভিনৱ প্রচাৰ কার্যসূচী হাতত লয়৷ এই বৃহৎ কার্যসূচীৰ বাবে দেওবাৰেও খোলা থাকে বিহাৰৰ সকলো চৰকাৰী কার্যালয়৷

চৰকাৰে দাবী কৰা মতে পৰিৱেশ সুৰক্ষাৰ সজাগতামূলক এই মানৱ শৃংখল অভিযানত অংশ লয় ৪.২৯ কোটি লোকে৷ পাটনাৰ ঐতিহাসিক গান্ধী মৈদানৰ পৰা আৰম্ভ হোৱা এই মানৱ শৃংখলৰ ব্যাপ্তি আছিল ১৮,৩৪০ কিলোমিটাৰ৷ বৃহৎ মানৱ শৃংখলে গীনিজ বুক অৱ ৱর্ল্ড ৰেকর্ডছত স্থান পাব বুলিও চর্চা চলিছে৷ দিনৰ ১১.৩০ বজাৰ পৰা ১২ বজালৈ উলিওৱা এই বৃহৎ অভিযানৰ বাবে মোতায়েন কৰা হয় ১২খনকৈ হেলিকপ্ঢাৰ৷

উল্লেখ্য যে নীতিশ কুমাৰ চৰকাৰৰ উদ্যোগত এয়া আছিল তৃতীয় বৃহৎ মানৱ শৃংখল অভিযান৷ ইয়াৰ পূর্বে ২০১৭ চনত ৰাজ্যখনত সুৰা সম্পূর্ণৰূপে নিষিদ্ধকৰণ আৰু ২০১৮ চনত বাল্যবিবাহ আৰু যৌতুকৰ বিৰুদ্ধে উলিয়াইছিল বিশাল মানৱ শৃংখল৷

উল্লেখ্য যে বিহাৰৰ মুখ্য সচিব দীপক কুমাৰে সংবাদ মেলযোগে এই মানৱ শৃংখলেৰে ৰাজ্যখনৰ পূর্বৰ অভিলেখ ভংগ কৰা বুলি জানিবলৈ দিয়ে৷

You might also like