নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ ভাৰতীয় সাহিত্যত নিজৰ সৃষ্টিৰাজিৰে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা দুই জ্ঞানপীঠ বঁটা বিজয়ীৰ সোমবাৰে মহামিলন ঘটিল গুৱাহাটীত৷ অসমীয়া কাব্য সাহিত্যক এক সুকীয়া ধাৰাৰে নতুন যুগৰ সূচনা কৰা কাব্যঋষি নীলমণি ফুকনক সোমবাৰে সাক্ষাৎ কৰিলে কোংকানি সাহিত্যৰ প্রখ্যাত সাহিত্যিক তথা ২০২১ বর্ষৰ জ্ঞানপীঠ বঁটা বিজয়ী দামোদৰ মাউজোৱে৷ অসম গ্রন্থমেলাৰ সামৰণী অনুষ্ঠানত অংশগ্রহণৰ উদ্দেশ্যে কালি গুৱাহাটীত উপস্থিত হোৱা সাহিত্যিকগৰাকীয়ে সোমবাৰে মালিগাঁওস্থিত বাসগৃহত নীলমণি ফুকনক সাক্ষাৎ কৰি তেওঁৰ স্বাস্থ্যৰ বুজ লয়৷ পৰিয়ালসহ সোমবাৰে পুৱাৰ ভাগতে নীলমণি ফুকনৰ বাসগৃহত উপস্থিত হয় কোংকানি সাহিত্যৰ বিশিষ্ট সাহিত্যিক তথা গোৱা নিৱাসী দামোদৰ মাউজো৷ এই সাক্ষাতৰ সময়তে দুয়োগৰাকী সাহিত্যিকে নিজৰ নিজৰ ক্ষেত্রৰ সাহিত্যৰ বিভিন্ন বিষয়েও আলোচনা কৰে৷ লক্ষণীয় যে দেওবাৰে গুৱাহাটীত উপস্থিত হৈছিল প্রখ্যাত সাহিত্যিক মাউজো৷ অসম গ্রন্থমেলাৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি মাউজোৱে গ্রন্থমেলাত পাঠকৰ সঁহাৰি দেখি আনন্দ প্রকাশ কৰিছিল৷