আহমেদাবাদৰ অধিনায়ক হার্দিক!
নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াক আগন্তুক আই পি এলত নতুন ৰূপত দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে৷ দীর্ঘদিন ধৰি মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলা তাৰকাগৰাকী এইবাৰ আই পি এলত অধিনায়কৰ ৰূপত খেলপথাৰত নমাটো এক প্রকাৰ নিশ্চিত হৈছে৷ এইবাৰৰ পৰা আই পি এলত নতুনকৈ অন্তর্ভুক্ত হ’বলগীয়া আহমেদাবাদ ফ্রেন্সাইজীৰ অধিনায়কৰ দৌৰত হার্দিক পাণ্ডিয়া আগবাঢ়ি আছে৷ দলটোৰ এক সূত্রই আজি প্রকাশ কৰা অনুসৰি চিভিচি কেপিটেল মালিকানাধীন আহমেদাবাদ দলটোৱে হার্দিকক অধিনায়ক নিযুক্ত কৰিবলৈ সাজু হৈছে৷ উল্লেখ্য যে পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে আই পি এলৰ নতুন নিয়ম অনুসৰি মাত্র ৪গৰাকী খেলুৱৈহে দলত ৰাখিছে৷ তেওঁলোক হ’ল ৰোহিত শর্মা, যশপ্রীত বুমৰাহ, সূর্যকুমাৰ যাদৱ আৰু কিৰণ পোলার্ড৷ হার্দিকক দলটোৱে ৰিটেইন নকৰাত এইবাৰ তেওঁক নতুন দলত দেখিবলৈ পোৱাটো ইতিমধ্যে নিশ্চিত হৈছে৷ আঘাত আৰু দুর্বল ফর্মৰ বাবে সম্প্রতি ভাৰতীয় দলৰ পৰা বাহিৰত থকা তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে আই পি এলত ৯২খন মেচ খেলি ১৪৭৬ ৰান সংগ্রহ কৰাৰ লগতে ৪২টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে৷ মুম্বাই ইণ্ডিয়ানছৰ আন এগৰাকী তাৰকা ঈশান কিশনকো আহমেদাবাদ ফ্রেন্সাইজীয়ে দলত অন্তর্ভুক্ত কৰিব বিচাৰিছে৷ ইফালে, ভাৰতৰ একালৰ বাঁওহতীয়া বেগী বলাৰ আশিস নেহৰা আহমেদাবাদৰ মুখ্য প্রশিক্ষক হ’ব