নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রত্যাৱর্তনৰ বাবে সাজু ‘সুস্থ’ কোহলি

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে আজিৰে পৰা আৰম্ভ হ’বলগীয়া তৃতীয় তথা নির্ণায়ক টেষ্টলৈ প্রত্যাৱর্তন ঘটিব টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিৰ৷ পিঠিৰ আঘাতৰ বাবে দ্বিতীয় টেষ্টৰ পৰা বাহিৰ হোৱা তাৰকাগৰাকীয়ে আজি কয় যে তেওঁ এতিয়া সম্পূর্ণৰূপে সুস্থ আৰু প্রত্যাৱর্তনৰ বাবে সাজু হৈছে৷ উল্লেখ্য যে কোহলিৰ অনুপস্থিতিত দ্বিতীয় টেষ্টত টীম ইণ্ডিয়া অপ্রত্যাশিত পৰাজয়ৰ সন্মুখীন হৈছিল৷ তেওঁৰ অনুপস্থিতিত তাৰকা অ’পেনাৰ লোকেশ ৰাহুলে দলক নেতৃত্ব দিছিল৷ ইফালে, দ্বিতীয় টেষ্টত হেমষ্ট্রিঙৰ আঘাতৰ সন্মুখীন হোৱা উদীয়মান বেগী বলাৰ মহম্মদ ছিৰাজ তৃতীয় টেষ্টৰ পৰা বাহিৰ হৈছে৷ অধিনায়ক কোহলিয়ে  এক সংবাদ মেলত এই কথা জানিবলৈ দিয়ে৷ অৱশ্যে ছিৰাজৰ পৰিৱর্তে দলীয় মেনেজমেণ্টে ঈশান্ত শর্মাক নে উমেশ যাদৱক মূল একাদশত অন্তর্ভুক্ত কৰিব, সেয়া প্রকাশৰ পৰা বিৰত থাকে অধিনায়ক কোহলি৷ আনহাতে, দীর্ঘদিন ধৰি শতকৰ মুখ নেদেখা কোহলিৰ শেহতীয়া ফর্ম সন্দর্ভত সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত তাৰকাগৰাকীয়ে কয় যে তেওঁ কাৰো ওচৰত কোনো প্রমাণ কৰিবলগীয়া নাই৷ নিজৰ খেলক লৈ সন্তুষ্ট বুলি উল্লেখ কৰি কোহলিয়ে কয় যে ক্রিকেটৰ পথাৰত এইধৰণৰ ঘটনা কেতিয়াবা সংঘটিত হোৱাটো তেনেই স্বাভাৱিক৷

You might also like