ভোগালী বিহুৰ ব্যৱসায়
ভোগালী বিহু মানেই খোৱাৰ উৎসৱ৷ এই খোৱাৰ লগতেই থাকে খাদ্যৰ প্রস্তুতি আৰু পৰিৱেশনক এটা শিল্পৰ পর্যায়লৈ নিয়াৰ বাসনা৷ এতিয়া কছম’পলিটান যুগৰ বাসিন্দা হোৱাৰ পিছত সকলোৰে খাদ্যৰ অভ্যাসৰ পৰিৱর্তন হৈছে৷ আমাৰ অসমতে বিভিন্ন ৰাজ্যৰ আৰু পৃথিৱীৰ বহু মহাদেশৰ প্রস্তুত হোৱা খাদ্য পোৱা সহজ হৈ পৰিছে আৰু এইবোৰ খাদ্যৰ প্রতি মানুহৰ আগ্রহো সীমাহীন৷ বহুল বিজ্ঞাপনেৰে বজাৰত প্রৱেশ কৰা আন্তর্জাতিক ব্রেণ্ডৰ খাদ্য সামগ্রীৰ দোকান যেনেদৰে বৃদ্ধি পাই আহিছে, ঠিক তেনেদৰে আমাৰ থলুৱা–স্থানীয় খাদ্যৰ ব্যৱসায়ো বাঢ়ি আহিছে৷ যোৱা কেইবছৰমানৰ ভিতৰতে অসমত পৰম্পৰাগত খাদ্যৰ বিপণীৰ সংখ্যা বৃদ্ধি পাইছে৷ পৰম্পৰাগত খাদ্য বিক্রীৰ লগত স্বাস্থ্যৰ কথাও জডিত হৈ থাকে৷ সুস্থ হৈ থাকিবলৈ শৰীৰক প্রকৃত খাদ্যৰ পুষ্টিৰ যোগান ধৰাটো অতি প্রয়োজন৷ গৱেষণাৰ পৰা দেখা গৈছে যে পৰম্পৰাগত খাদ্য খোৱাটোৱে এলার্জী, হাপানী, হজম আৰু কার্ডি’ভাসুকলাৰ স্বাস্থ্যৰ সমস্যা, মেদবহুলতা আৰু স্বয়ং ৰোগ প্রতিৰোধ বিকাৰ যেনে– লুপাছ, ফাহব্রোমায়েলজিয়া আৰু আনকি ডায়েবেটিছকে ধৰি বহুতো স্বাস্থ্যজনিত সমস্যা এৰাই চলাত সহায় কৰে৷ এই পৰম্পৰাগত খাদ্যৰ জনপ্রিয়তা বৃদ্ধি পাই অহাৰ সময়তে মন কৰা গৈছে যে সমগ্র বিশ্বতে পৰম্পৰাগত খাদ্যৰ এখন বজাৰ সৃষ্টি হৈ আহিছে৷ এইখন বজাৰৰ মূল আকর্ষণসমূহ হ’ব শেলাহ, সংশ্লেষিতভাৱে ডৎপাদিত মাংস, ডদ্ভিদ–আধাৰিত মাংসৰ বিকল্প, খোৱা পতংগৰ বার্গাৰ আৰু প্র’টিন বাৰ আদি৷ এইখিনি মূলতঃ পৰিকল্পনা আৰু গৱেষণা পর্যায়তে আছে৷ এহ ডন্নত খাদ্য সামগ্রীৰ দাবী আৰু যোগান সম্পর্কে বিভিন্ন দেশত কেনেধৰণৰ নিয়মাৱলী বলৱৎ কৰা হ’ব, সেয়া এতিয়াও দেখা হোৱা নাহ৷ হয়তো খুব কম সময়ৰ ভিতৰতে এই বিষয়ে অধিক তথ্য জানিব পৰা যাব৷ পৰম্পৰাগত খাদ্যৰ এই বজাৰখন দিনকদিনে ডাঙৰ হৈ অহাৰ মূল কাৰণ হ’ল ৰেস্তোৰাঁত সংযোজিত নতুন খাদ্য সম্ভাৰ৷ লগতে থকা আৰু এটি কথা হ’ল পৰম্পৰাগত খাদ্য নিশ্চিতভাৱে অন্যান্য স্বাস্থ্যকৰ খাদ্যতকৈ বহু বেছি সোৱাদ লগা৷ বহুতো পৰম্পৰাগত খাদ্যত কেল’ৰি কম থাকে আৰু ই ওজন নিয়ন্ত্রণত সহায়ক হয়৷ সেহবোৰত সংপৃক্ত চর্বিৰ পৰিমাণ থাকে খুব কম আৰু ই হূদযন্ত্রৰ বাবে যথেষ্ট ভাল৷ পৰম্পৰাগত খাদ্যত বহু ধৰণৰ অত্যাৱশ্যকীয় তেল আৰু ভিটামিন থাকে৷
পৰম্পৰাগত খাদ্যৰ চাহিদা বৃদ্ধি পাই অহাৰ কাৰণ অকল মানুহৰ সোৱাদৰ পৰীক্ষা কৰা মনোভাবেই নহয়৷ এই খাদ্যৰ খাদ্যমূল্য সহজে পোৱা জাংক ফুডবোৰতকৈ অধিক বুলি প্রমাণিত হোৱাৰ পিছত এনে খাদ্যৰ চাহিদা সকলোতে বৃদ্ধি পাইছে৷ পৰম্পৰাগত খাদ্যত কোনোধৰণৰ ৰাসায়নিক সংৰক্ষক ব্যৱহাৰ কৰা নহয়৷ ইয়াক প্রস্তুত কৰা হয় ডপাদানেৰে আৰু অতিৰিক্ত সংপৃক্ত চর্বিব্যৱহাৰ কৰা নহয়৷ পৰম্পৰাগত খাদ্যই মানুহৰ জিভাকো সন্তুষ্টি দিয়ে আৰু ই স্বাস্থ্যৰ বাবেও উপকাৰী৷ গ্রাহকৰ চাহিদা আৰু আগ্রহ বৃদ্ধি পোৱাৰ লগে লগে এনে খাদ্য নিজেই এক ভাল ব্যৱসায় হৈ উঠিছে আৰু একেলগে গুৰুত্বপূর্ণ বিক্রী, বিপণন আৰু প্রচাৰ সঁজুলিও হৈ পৰিছে৷ এই পৰিৱর্তিত দৃশ্যপটৰ লগত মিলাকৈ অসমৰ পৰম্পৰাগত খাদ্যকো এক বিশাল বজাৰলৈ নিব পৰাৰ সুবিধা আছে আৰু সেই দিশত কাম কৰাৰ বহু ঠাই এতিয়াও উদং হৈয়ে আছে৷ এটা সময়ত লাড়ু–পিঠা কেৱল বিহুৰ সময়ৰ খাদ্যহে আছিল৷ এতিয়া বহু ব্যৱসায়ীৰ কল্পনা আৰু চেষ্টাৰ পিছত এই দুয়োবিধেই বছৰৰ বাৰ মাহেই উপলব্ধ৷ অকল ইমানেই নহয়, পৰম্পৰাগত খাদ্যবোৰৰ বহুততে বিভিন্ন ধৰণৰ পৰীক্ষাও চলিছে৷ পিঠা, লাড়ু আৰু আচাৰ– এই তিনিওবিধ খাদ্যই এতিয়া বজাৰৰ অংশ হৈ পৰিছে আৰু ভালকৈ চালে দেখা যায় যে এই পৰিৱর্তন কোনো বৃহৎ ব্যৱসায়ী অথবা চৰকাৰী পৃষ্ঠপোষকতাত হোৱা নাই৷ ইয়াৰ পাছফালে আছে অকল ক্ষুদ্র ব্যৱসায়ী, যিয়ে অৱসৰ সময়ৰ সুব্যৱহাৰৰ বাবেহে এনে প্রচেষ্টা হাতত লৈছিল৷ চৰকাৰে বিভিন্ন মেলা আদিত এনে ব্যৱসায়ীসকলক ষ্টল আদি দিয়াৰ ক্ষেত্রত সহায় কৰি আহিছে৷ কিন্তু খাদ্যৰ বৈপ্লৱিক পৰিৱর্তনৰ ছবিখনৰ মাজত অসমীয়া খাদ্যক বিচাৰি পাবলৈ এই সৰু আকাৰৰ প্রচেষ্টাই যথেষ্ট নহয়৷ একো একোগৰাকী ব্যৱসায়ীয়ে ব্যক্তিগত প্রচেষ্টাত ভাৰতৰ বিভিন্ন ঠাইত অসমীয়া খাদ্যৰ ৰেষ্টুৰেণ্ট চলাই আছে আৰু সেইবোৰৰ ব্যৱসায়ো ভাল বুলিয়েই জনা যায়৷ কিন্তু এই কামটো বহল প্রেক্ষাপটত কৰিবলৈ চৰকাৰৰ সহযোগ নিতান্তই প্রয়োজন আৰু চৰকাৰে এই বিষয়ত ভবাৰ আৰু কাম কৰাৰ সময় আহি পৰিছে৷