বাক্সাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাঃ স্থাপন কৰিলে দুটা বৃহৎ আঁচনিৰ আধাৰশিলা
নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ বাক্সা জিলাৰ ককিলাবাৰী কেন্দ্রীয় কৃষি পামত আজি ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হয় ৷ হেলিকপ্টাৰেৰে ককিলাবাৰীত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ শৰ্মাই
“এগ্ৰোফৰেষ্টি আৰু বায়োডাইভাৰছিটি” কলেজৰ আধাৰশিলা স্থাপনৰ লগতে উলুম’ৰা চৰাইৰ সংৰক্ষণ, গৱেষণা আৰু পৰিৱেশ পৰ্যটন এলেকাৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰোপৰি মুখ্যমন্ত্রী ড০ শৰ্মাই বাক্সা জিলাত নিৰ্মাণ হোৱা ১০৭ টা অংগনবাড়ী কেন্দ্রৰ শুভ উদ্বোধন কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্রী ড০ শৰ্মাই এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰে। সভাত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকী ককিলাবাৰীক এখন আদৰ্শ কৃষি পাম হিচাপে গঢ়ি তোলাৰ পোষকতা কৰে ৷ আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে এচঅপিক লৈ সমালোচনা কৰা দল সংগঠনসমূহক প্ৰত্যুত্তৰ দিয়ে ৷ কোভিডত অসমীয়া ডেকা ল’ৰাক মৰিবলৈ দিয়া নহ’ব ৷ আমি বন্ধ দিয়া নাই, কোভিডেহে বন্ধ কৰিবলৈ বাধ্য কৰিছে ৷ এটা নিশা বিহু উদযাপন নকৰিলে অসমীয়া জাতীয়বাদ শেষ হৈ নাযায় ৷ বিৰোধী সকলে উৰুকাক লৈ কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা, মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে কেইবাগৰাকী বিধায়ক, বিটিচিৰ কাৰ্যবাহী সদস্যই অংশগ্রহণ কৰে ৷
প্ৰেৰকঃ দিগন্ত দাস , জালাহ