নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সভ্যতাৰ সংকট

গোলকীয় উষ্ণতাই পৃথিৱী গ্রহলৈ কঢ়িয়াই অনা ভয়ংকৰ বিপদৰ বিষয়ে সকলোৱে কম–বেছি পৰিমাণে অৱগত৷ বায়ুমণ্ডলত কার্বন–ডাই–ক্সাইডস্ গ্রীন হাউছ গেছৰ নির্গমনে প্রধানতঃ ইয়াৰ বাবে দায়ী৷ বিশ্ব সমুদায়ে গোলকীয় উষ্ণতাক মানৱ সভ্যতাৰ প্রতি সংকট ৰূপে চিহ্ণিত কৰিছে৷ ইতিমধ্যে বিভিন্ন গৱেষণামূলক প্রতিবেদনৰ জৰিয়তে বিজ্ঞানীসকলে এইক্ষেত্রত সতর্কতা অৱলম্বন কৰিবলৈ সকীয়াই দি অহাৰ সমান্তৰালভাৱে গঢ়ি তোলা হৈছে সজাগতামূলক অভিযানো৷ তদুপৰি ২০১৫ চনত পেৰিছত ৰাষ্ট্রসংঘৰ উদ্যোগত গ্রীন হাউছ গেছ নির্গমন হ্রাস কৰাৰ লক্ষ্যৰে ১৯০খন দেশে এখন গুৰুত্বপূর্ণ চুক্তিত স্বাক্ষৰ কৰিছিল৷ এইখনেই হৈছে বিখ্যাত পেৰিছ চুক্তি৷ পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি প্রাক শিল্পায়ন যুগৰ তুলনাত ২ ডিগ্রী চেণ্টিগ্রেডৰ মাজত বিশেষকৈ ই যাতে ১.৫ ডিগ্রী চেণ্টিগ্রেডতকৈ নাবাঢ়ে, সেয়াই আছিল পেৰিছ চুক্তিৰ মূল লক্ষ্য৷ কিন্তু ধাৰাবাহিক সজাগতামূলক অভিযান তথা পেৰিছ চুক্তি স্বাক্ষৰ হোৱাৰ পাছতো একবিংশ শতিকাৰ আধুনিক মানৱ সমাজ ভয়ংকৰ অশনি সংকেতৰ প্রতি উদাসীন হৈ থকা পৰিলক্ষিত হৈছে৷ এক কথাত ক’বলৈ গ’লে মানৱ সভ্যতাৰ সংকটৰ বাবে দায়ী ৰূপে বিবেচিত হৈছে খোদ মানৱ সভ্যতাই৷ কার্বন–ডাই–ক্সাইডস্ গ্রীন হাউছ গেছৰ পৰিমাণ বায়ুমণ্ডলত ২০১৫ৰ পৰা ২০১৯ চনৰ সময়ছোৱাত ক্রমশঃ বৃদ্ধি হৈছে৷ কার্বন–ডাই–ক্সাইড বৃদ্ধিৰ হাৰ এই সময়ছোৱাত পূর্বৰ পাঁচ বছৰৰ তুলনাত প্রায় ২০ শতাংশ৷ ৱর্ল্ড মেট্র’লজিকেল অর্গেনাইজেচনৰ দ্বাৰা শেহতীয়াকৈ প্রকাশিত ‘বিশ্ব জলবায়ু (২০১৫–২০১৯)ঃ জলবায়ু পৰিৱর্তন ত্বৰান্বিত’ শীর্ষক এক প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷ গোলকীয় উষ্ণতাৰ পৰিণতিতে বিশ্বত অতি অস্বাভাৱিকভাৱে বৃদ্ধি হ’ব ধৰিছে তাপমান৷ মার্কিন মহাকাশ গৱেষণা সংস্থা নাছা আৰু নেচনেল অ’ছেনিক এণ্ড এটম’স্ফেৰিক এডমিনিষ্ট্রেচনে যোৱা বৃহস্পতিবাৰে প্রকাশ কৰা এক তথ্য অনুসৰি সদ্যবিগত ২০১৯ বর্ষটো আছিল বিগত ১৪০ বছৰৰ ভিতৰত দ্বিতীয় উষ্ণতম৷ ১৮৮০ চনৰ পৰা বিশ্বত উষ্ণতম বছৰ ৰূপে চিহ্ণিত হৈছিল ২০১৬ চনটো৷ তদুপৰি ২০১০–২০১৯ একবিংশ শতিকাৰ এই দশকটোৱেই বিগত ডেৰ শতিকাৰ ভিতৰত উষ্ণতম দশক ৰূপেও চিহ্ণিত কৰিছে উক্ত সংস্থা দুটাই৷ অনাগত সময়ছোৱাত পৃথিৱীৰ তাপমাত্রা এনেদৰে আৰু বৃদ্ধি হৈ থকাৰ আশংকা প্রকাশ কৰা হৈছে৷ যদিহে এই আশংকা সত্য হয়, তেন্তে পৃথিৱী গ্রহত প্রাণীকুলৰ অস্তিত্বৰ প্রতি যে সংকট নামি আহিব, সেয়া নিশ্চিত৷
ভাৰততো গোলকীয় উষ্ণতাৰ বিৰূপ প্রভাৱ পৰাৰ তথ্য ইতিমধ্যে বিজ্ঞানীসকলৰ গৱেষণাত স্পষ্ট হৈছে৷ বিগত সময়ছোৱাত অতি সাংঘাতিক ধৰণে ভাৰতৰ জলবায়ু পৰিৱর্তন ঘটিছে৷ ২০১৮ চনত বিশ্বত যিধৰণৰ জলবায়ুগত বিপর্যয় ঘটিছে, তাক আধাৰ হিচাপে লৈ শেহতীয়াকৈ এটা জার্মান পৰিৱেশ গৱেষণা সংস্থাই এক সমীক্ষাত ৰাজহুৱা কৰিছে৷ এই সমীক্ষাত জলবায়ু পৰিৱর্তনৰ ফলত হ’ব পৰা বিপদৰ আশংকাৰ তালিকাত বিশ্বৰ ভিতৰতে ভাৰতক ৰখা হৈছে পঞ্চম স্থানত৷ শীর্ষত আছে জাপান৷ ২০১৮ চনত ভাৰতৰ বিভিন্ন ঠাই তাপপ্রৱাহৰ কবলত পৰিছিল৷ অতিবৃষ্টি–ঘূর্ণি বতাহৰ দৰে প্রাকৃতিক বিপর্যও ঘটিছিল দেশত৷ সামগ্রিকভাৱে উক্ত চনতো জলবায়ুগত এনে বিপর্যয়ৰ ফলত হোৱা প্রাণহানিত ভাৰতক শীর্ষস্থানত ৰখাৰ বিপৰীতে আর্থিক ক্ষতিৰ ক্ষেত্রত আছে দ্বিতীয় স্থানত৷ বিজ্ঞানীসকলে উল্লেখ কৰিছে যে ভাৰতৰ জলবায়ু পৰিৱর্তনত যিধৰণৰ ইংগিত পোৱা গৈছে, সেয়া অনাগত দিনত ভয়ংকৰ প্রাকৃতিক বিপর্যয়ৰ কাৰক হ’ব পাৰে৷ দেশৰ জলবায়ু পৰিৱর্তনৰ বাবে সাগৰীয় উষ্ণতাকেই মূলতঃ দায়ী কৰা হৈছে৷ এনে অৱস্থাত গোলকীয় উষ্ণতাৰ ভয়াৱহতাৰ পৰা বাচিবলৈ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাত সকলোৱে গুৰুত্ব দিয়া উচিত৷ বিশ্বৰ উষ্ণতা বৃদ্ধি ১.৫ ডিগ্রী চেণ্টিগ্রেডৰ ভিতৰত সীমিত ৰাখিবলৈ হ’লে বায়ুমণ্ডলত কার্বন–ডাই–ক্সাইডস্ গ্রীন হাউছ গেছৰ নির্গমন হ্রাস কৰিবই লাগিব৷ ইয়াৰ বাবে দৈনন্দিন জীৱনযাত্রা, পৰিবহণ ব্যৱস্থা, শক্তি উৎপাদন আদিৰ ক্ষেত্রত দ্রুত পৰিৱর্তন অনাৰ বাবে প্রত্যেকেই উদ্যোগ গ্রহণ কৰা উচিত৷ তেতিয়াহে ৰক্ষা পৰিব পৃথিৱী, দূৰ হ’ব মানৱ সভ্যতাৰ সংকট৷

You might also like