নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ নির্বাচনী প্রচাৰত উত্তপ্ত হৈ থকা দিল্লীত কালি সন্ধিয়া কংগ্রেছে প্রকাশ কৰিছে প্রথমখন প্রার্থী তালিকা৷
এই প্রার্থী তালিকাত দলটোৱে ৫৪গৰাকী নেতা তথা নেত্রীক স্থান দিছে৷ ৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব লগা দিল্লী বিধানসভা নির্বাচনৰ ফলাফল ঘোষণা হ’ব ১১ ফেব্রুৱাৰীত৷
উল্লেখনীয় যে কংগ্রেছৰ এই প্রার্থী তালিকাত স্থান লাভ কৰিছে প্রাক্তন কেন্দ্রীয় মন্ত্রী কৃষ্ণ তিৰাথ আৰু দিল্লীৰ প্রাক্তন মন্ত্রী অৰবিন্দৰ লাভলিয়ে৷ অৱশ্যে মুখ্যমন্ত্রী কেজৰিৱালৰ বিৰুদ্ধে দক্ষিণ দিল্লী সমষ্টিত এতিয়াও কোনো প্রার্থী প্রক্ষেপ কৰা নাই কংগ্রেছে৷ কিন্তু উপ–মুখ্যমন্ত্রী মনীষ শিশোডিয়াৰ বিৰুদ্ধে কংগ্রেছে প্রার্থী হিচাপে প্রক্ষেপ কৰিছে লক্ষ্মণ ৰাৱাটক৷
স্মর্তব্য যে পূর্বৰ আপ নেত্রী অলকা লাম্বাক চান্দনী চ’ক সমষ্টিতে প্রার্থী হিচাপে প্রক্ষেপ কৰিছে কংগ্রেছে৷