নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগ লজ্জাজনক ঘটনা

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে উত্থাপন কৰা মহাভিযোগ বে–আইনী তথা লজ্জাজনক ঘটনা৷

শেহতীয়াকৈ ৰাষ্ট্রপতি ট্রাম্পৰ সপক্ষে যুক্তি দর্শোৱা আইনজ্ঞৰ এটা দলে বিৰোধী ডেম’ক্রেটিক পার্টীয়ে অনা মহাভিযোগ প্রক্রিয়াক লৈ এই মন্তব্য কৰিছে৷ অকল সেয়াই নহয়, ৰাষ্ট্রপতিগৰাকীৰ বিৰুদ্ধে অনা মহাভিযোগ দেশৰ গণতন্ত্রৰ ওপৰত ভয়াৱহ আক্রমণ বুলিও অভিহিত কৰিছে কেইবাগৰাকীও আইনজ্ঞই৷

মহাভিযোগৰ যি নথি, তাৰ জৰিয়তে ট্রাম্পৰ বিৰুদ্ধে অপৰাধ সংঘটিত হোৱাৰ কোনো প্রমাণ দাখিল কৰিব পৰা নাযায় বুলিও উল্লেখ কৰিছে আইনজ্ঞসকলে৷ ২০২০ চনৰ ৰাষ্ট্রপতি নির্বাচনত হস্তক্ষেপৰ ক্ষেত্রত এই মহাভিযোগ প্রক্রিয়াক হাতিয়াৰ কৰিবলৈ বিৰোধী ডেম’ক্রেটিক দলে চেষ্টা চলোৱা বুলিও উল্লেখ কৰিছে বিশিষ্ট আইনজ্ঞই৷

You might also like