এতিয়া মবাইলৰ বুটাম টিপিলেই সকলো উপলব্ধ। ক’বলৈ হ’লে অনলাইনৰ জামানা, অনলাইনে এতিয়া নিউ নৰ্মেল। ক’ভিড পৰিস্থিতিয়ে অনলাইনক আৰু বেছি ব্যৱহাৰিক কৰি তুলিছে। এইবাৰ অনলাইন বিবাহৰ আয়োজন কৰিছে পশ্চিম বংগৰ এহাল দৰা-কইনাই। ক’ভিড পৰিস্থিতিৰ বাবেই গুগল মীটেৰে বিবাহৰ আয়োজন কৰিছে সন্দিপন সৰকাৰ আৰু অদিতি দাসে। অহা ২৪ জানুৱাৰীত তেওঁলোকৰ বিবাহ।
বিবাহৰ অভ্যাগতক ভোজন যোগান ধৰা হ’ব জমেটোৰে। ইতিমধ্যে, ই-কাৰ্ডেৰে ৪৫০ অতিথিক নিমন্ত্ৰণ জনোৱা হৈছে। সকলোৱে লাইভযোগে উপস্থিত থাকিব গুগল মীটত। দৰা সন্দিপনে জনোৱা মতে, ক’ভিডৰ বাবেই তেওঁলোকে এই সিদ্ধান্ত লৈছে। আনকি খোদ দৰাও কিছুদিন আগেয়ে ক’ভিড আক্ৰান্ত হৈ হাস্পাতালত আছিল। ভাৰ্চুৱেল বিবাহখন সুকলমে হ’বলৈ তেওঁলোকে টেকনিকেল বিশেষজ্ঞ নিয়োগ কৰিছে।