ৰোৱাণ্ডাৰ মহিলা ৰেফাৰী ছালিমাৰ নজীৰ স্থাপন
আফ্রিকা কাপ অৱ নেশনছত প্রথমবাৰৰ বাবে মহিলাই ৰেফাৰী হিচাবে মেচ পৰিচালনা কৰি ইতিহাস ৰচিলে। ৰোৱাণ্ডাৰ ছালিমা মুকানছাংগাই জিম্বাৱে বনাম গিনিৰ মেচখন পৰিচালনা কৰে। মঙলবাৰৰ মেচত জিম্বাৱেয়ে ২-১ ব্যৱধানত গিনিক হৰুৱাই প্রতিযোগিতাৰ পৰা বিদায় লৈছে। মঙলবাৰৰ মেচৰ মুখ্য আকর্ষণ আছিল ছালিমা। ১৯৫৭ চনৰ পৰা আৰম্ভ হোৱা আফ্রিকা কাপ অৱ নেশনছত ইমান দিনে পুৰুষ ৰেফাৰীয়েই মেচ পৰিচালনা কৰি আহিছে। কিন্তু এইবাৰ ফুটবলৰ সৈতে মহিলাক আৰু বেছিকৈ যুক্ত কৰিবলৈ এই অভিনৱ সিদ্ধান্ত লৈছে আফ্রিকা ফুটবল সংস্থাই।