নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত সংক্রমণ বাঢ়িলেও জাৰি নহয় নিষেধাজ্ঞা

হাফলঙত সংবাদ মেলত ঘোষণা মুখ্যমন্ত্রী ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ ৰাজ্যত প্রতিদিনে ক’ভিডৰ সংক্রমণ বৃদ্ধি পাইছে যদিও চৰকাৰে কোনো নতুন এছ অ’ পি জাৰি নকৰে৷ সেইদৰে চৰকাৰে নতুনকৈ আৰোপ নকৰে কোনো বাধা–নিষেধ৷ সোমবাৰে হাফলঙত এখন সংবাদ মেলত এই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ পাহাৰীয়া জিলা ডিমা হাছাওৰ হাফলঙত আজি অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকত ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতি সম্পর্কত বিস্তৃত আলোচনা কৰাৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সম্প্রতি ৰাজ্যখনত ক’ভিডৰ সংক্রমণ বাঢ়িলেও ৰোগীৰ হাস্পতালত ভর্তিৰ সংখ্যা বৃদ্ধি হোৱা নাই৷ ১২ শতাংশ ক’ভিড ৰোগীহে হাস্পতালত ভর্তি হৈছে৷ অর্থাৎ ১০০গৰাকী ক’ভিড ৰোগীৰ ভিতৰত ১২গৰাকীহে হাস্পতালত চিকিৎসাধীন হ’বলগীয়া হৈছে৷ সেয়ে মুঠ ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হ’লেও হাস্পতালত চিকিৎসাধীন হ’বলগীয়া ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা নাই৷ ইয়াৰ পৰিপ্রেক্ষিতত চৰকাৰে কোনো নতুন এছ অ’ পি এই মুহূর্তত বলৱৎ কৰিব বিচৰা নাই আৰু নতুনকৈ কোনো বাধা–নিষেধ আৰোপ কৰিব বিচৰা নাই৷

সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে পূর্বতে কোনো লোক ক’ভিডত আক্রান্ত হ’লে কর্মথলীত কেতিয়াকৈ যোগদান কৰিব, সেই সম্পর্কত কোনো নির্দিষ্ট সময়সীমা নাছিল৷ কিন্তু এতিয়াৰে পৰা ক’ভিডত আক্রান্ত লোকক ৭ দিনহে ছুটী দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ ৭ দিন পাছত অষ্টম দিনা লোকজনে চৰকাৰী কার্যালয়েই হওক বা বেচৰকাৰী কার্যালয়েই হওক, নিজ কর্মথলীত যোগদান কৰিব লাগিব৷ অৱশ্যে হাস্পতালত চিকিৎসাধীন অৱস্থাত থকা কোনো লোকক যদি চিকিৎসকে কোনো কাৰণত হাস্পতালৰ পৰা ৰিলিজ নিদিয়ে, তেতিয়াহ’লে বেলেগ কথা৷ কিন্তু পূর্বৰ দৰে বেমাৰৰ বাবে ৭ দিন, সুস্থ হোৱাৰ পাছত ৭ দিন হোম কোৱাৰেণ্টাইনত থকাৰ দৰে এতিয়াৰে পৰা থাকিব নোৱাৰিব৷ মুঠ ৭ দিন হাস্পতাল অথবা ঘৰত থকাৰ পাছত অষ্টম দিনা কর্মথলীত যোগদান কৰিব লাগিব৷ ইপিনে ক’ভিড ভেকচিন সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ১২ ফেব্রুৱাৰীৰ পূর্বে ৰাজ্যখনত ক’ভিডৰ দ্বিতীয় পালি ভেকচিন প্রদান সম্পূর্ণ কৰাৰ বাবে চৰকাৰে লক্ষ্য স্থিৰ কৰিছে৷ ৰাজ্যখনত চৰকাৰে ২.২০ কোটি লোকক ভেকচিন দিব লাগে৷ ইয়াৰে ১.৭২ কোটি লোকক ইতিমধ্যে ভেকচিন দিয়া হৈছে৷ বাকী যি ৫০ লাখ লোকক ভেকচিন দিবলৈ বাকী আছে৷ তেওঁলোকক অহা ১৫ ফেব্রুৱাৰীৰ পূর্বে ভেকচিন দিয়াটো সম্পূর্ণ কৰিব বিচাৰিছে৷ যাতে সকলো মানুহ নিৰাপদ হৈ থাকিব পাৰে৷ এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইতিমধ্যে চৰকাৰে ৰাজ্যখনত চাৰি কোটিৰো অধিক লোকক ভেকচিন প্রদান কৰিছে৷
হাফলং অসামৰিক চিকিৎসালয়ত অক্সিজেন প্রকল্পৰ শুভ উদ্বোধন
হাফলং জিলা অসামৰিক চিকিৎসালয়ত পি এম কেয়াৰ পুঁজিৰ অধীনত অনুমোদিত এক মেট্রিকটন ক্ষমতাৰ এটা অক্সিজেন প্রকল্প মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাৰ উপস্থিতিত সেই প্রকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ডিমা হাছাওবাসীৰ সেৱাৰ বাবে উৎসর্গা কৰে৷ আজিৰ এই উদ্বোধনী অনুষ্ঠানত উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোছা, কার্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, হাফলঙৰ বিধায়িকা নন্দিতা গার্লোছা, উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদৰ স্বাস্থ্য বিভাগৰ কার্যবাহী সদস্য ছেমুৱেল চাংচনেও অংশগ্রহণ কৰে৷

You might also like