অবৈধ ব্যৱসায়িক প্রতিষ্ঠানক জাননী–লক্ষাধিক টকা জৰিমনা
নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ গুৱাহাটী মহানগৰীত অবৈধভাৱে ব্যৱসায় চলোৱাৰ লগতে অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য প্রস্তুত কৰা হোটেল–ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে গুৱাহাটী পৌৰ নিগমে৷ গুৱাহাটীত পৌৰ নিগমৰ এটা গোটে আজি এনে অবৈধ ব্যৱসায়িক প্রতিষ্ঠানৰ বিৰুদ্ধে ফাঁচীবজাৰত অভিযান চলাই ১ লাখ ৫ হাজাৰ টকা জৰিমনা সংগ্রহ কৰাৰ লগতে ৫খন প্রতিষ্ঠানলৈ জাননী প্রেৰণ কৰে৷ উল্লেখ্য যে ফাঁচীবজাৰৰ এছ এছ ৰোডৰ কাপোৰৰ দোকান, বেগৰ দোকান, ৰেষ্টুৰেণ্ট আৰু কেইবাখনো হোটেলত অভিযান চলায়৷ ইয়াৰে একাংশ কাপোৰ আৰু বেগৰ দোকানৰ গৰাকীয়ে পৌৰ নিগমৰ বৈধ ব্যৱসায় অনুজ্ঞাপত্র অবিহনে ব্যৱসায় চলাই আহিছে৷ তদুপৰি আন একাংশ হোটেল–ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য সামগ্রী প্রস্তুত কৰি অহাৰ অভিযোগত প্রতিষ্ঠানকেইখনলৈ জাননী কৰা হৈছে৷