আকৌ চীনৰ অতপালি
আন্তর্জাতিক মঞ্চত ভাৰতৰ মান–মর্যাদা, প্রতিপত্তি যিমানেই বৃদ্ধি হৈছে, সিমানেই সীমান্তত আগ্রাসী হৈ পৰিছে চীন৷ দেশখনে সুযোগ পালেই ভাৰতক ৰঙাচকু দেখুৱাই বশ কৰাৰ চেষ্টা চলাই আহিছে৷ সন্দেহ নাই, এছিয়া তথা বিশ্বত নতুন শক্তি ৰূপে উত্থান ঘটা ভাৰতৰ পৰিৱর্তিত ৰূপটোক বেইজিঙে সহজভাৱে গ্রহণ কৰিব নোৱাৰে৷ চীনে ভাৰতক আফ্রিকীয় দেশসমূহৰ দৰেই ব্যৱহাৰ কৰিব বিচাৰে৷ লগতে চীনৰ আন এটা প্রধান ভয় হৈছে ভাৰতৰ গণতান্ত্রিক শাসন ব্যৱস্থা৷ সীমাৰ সিপাৰে থকা বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্রখন চীনৰ বাবে অস্থিৰতাৰ কাৰণ হৈ পৰিব পাৰে বুলি কমিউনিষ্ট শাসকে আৰম্ভণিৰ পৰাই ভয় কৰি আহিছে৷ সেয়ে নিজ দেশৰ জনসাধাৰণৰ দৃষ্টিত ভাৰত যাতে চিৰদিন বৈৰী ৰাষ্ট্র হিচাপে চিহ্ণিত হৈ থাকে, তাৰ বাবে বেইজিং প্রতিনিয়ত সচেষ্ট৷ শেহতীয়াকৈ অৰুণাচল প্রদেশৰ কিশোৰ এজনক পিপ্লছ লিবাৰেচন আর্মীয়ে প্রদেশখনৰ ভূমিৰ পৰাই অপহৰণ কৰে৷ চীনৰ দৰে বিশ্বৰ অন্যতম শক্তিমান ৰাষ্ট্র এখনক তেনে ধৰণৰ অপহৰণে কোনো স্বার্থ পূৰণ কৰি নিদিয়ে৷ নতুবা এনেকুৱাও নহয় যে চীনা সৈন্য পেছাদাৰী অপহৰণকাৰী, ধনৰ বিনিময়ত অপহূতক মুকলি কৰি দিয়ে৷ ইয়াৰ অর্থ আৰু উদ্দেশ্য সুকীয়া৷ প্রথম কথা কিশোৰজন অৰুণাচলৰ ভূমিৰ পৰা অপহূত হৈছে৷ ইয়াৰ দ্বাৰা চীনে বুজাব বিচাৰিছে যে দেশখনৰ সৈন্য ভাৰতভূমিত অৱস্থান কৰি আছে৷ অকল অৱস্থানেই নহয়, তাত এইবাবেই আছে যে ভূমিডোখৰ চীনৰ সার্বভৌমত্বৰ অংশ৷ কেইদিনমান আগেয়ে গালোৱানতো চীনে তেনে ধৰণৰ দাবী আৰু কর্তৃত্ব প্রতিষ্ঠা কৰিব বিচাৰিছিল৷ মাণ্ডাৰিন ভাষাত জাৰি কৰা এটা ভিডি’ত চীন আৰু ভাৰতীয় সেনাৰ মাজত ৰক্তাক্ত সংঘাত সংঘটিত হোৱা ভূমিডোখৰত চীনা সৈন্যই অৱস্থান কৰি থকা বুলি দেখুৱাইছিল৷ ভিডি’টোত চীনা সৈন্যক দেশখনৰ ৰাষ্ট্রীয় পতাকাৰ সৈতে দেখুওৱা হৈছিল৷ লগতে কোৱা হয় যে চীনে এক ইঞ্চি ভূমিও এৰি নিদিয়ে৷ চীনৰ চৰকাৰী সংবাদ পত্র গ্ল’বেল টাইমছত ভিডি’টো প্রকাশ পায়৷ ভিডি’টো প্রকাশ পোৱাৰ লগে লগে কংগ্রেছ নেতা ৰাহুল গান্ধীৰ দৰে নেতাই তৎক্ষণাৎ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৰাষ্ট্রীয় সুৰক্ষামূলক নীতিক লৈ প্রশ্ণ তোলে৷ বিতর্ক বৃদ্ধি পোৱাত ভাৰতীয় সেনাই দুখন ফটো প্রদর্শন কৰি চীনৰ অপপ্রচাৰৰ মুখা খুলি দিয়ে৷ আচলতে, চীনে যিডোখৰ ঠাইত ভিডি’টোৰ দৃশ্যগ্রহণ কৰিছিল, অঞ্চলটোৰ সৈতে ভাৰতৰ নতুনকৈ কোনো বিবাদ হোৱাই নাই৷ অঞ্চলটো এল এ চিৰ সিপাৰে চীনৰ দখলত থকা, ভাৰতীয় সেনাৰে হোৱা সংঘর্ষথলীৰ নহয়৷ চীনে মিছা তথ্যৰ জৰিয়তে ভাৰতীয় ভূমিত তেওঁলোকৰ সেনাই অৱস্থান কৰি থকা বুলি ভাৰতক চাপৰ মুখত ৰাখিব বিচাৰিছিল৷ সেইটো ব্যর্থ হোৱাৰ পাছত এইবাৰ অপহৰণৰ আশ্রয় লৈছে৷
চীনৰ এনে ধৰণৰ উদ্দেশ্যপ্রণোদিত প্রচাৰ, ভাৰতভূমিত চোৰৰ দৰে অনুপ্রৱেশ অথবা লুকা–ভাকুজাতীয় খেল (?) সহজে শেষ নহয়৷ দেশখনে ভাৰতক চাপত ৰাখিবলৈ অপচেষ্টা চলাই যাব৷ তেনে অপপ্রচাৰত যদি ভাৰতীয় সংবাদ মাধ্যম (সকলো নিশ্চয় নহয়), ভাৰতীয় ৰাজনৈতিক দল–নেতাৰ সহায়–সমর্থন পায়, ই দুগুণে বাঢ়িব৷ এইক্ষেত্রত সংশ্লিষ্ট পক্ষসমূহ অধিক সচেতন হোৱাৰ প্রয়োজন আছে৷ দেশখনৰ সেনাই সীমান্তত চীনক যিদৰে প্রত্যুত্তৰ দিব লাগে, দি আছে৷ আগলৈও দি থাকিব৷ ভাৰতীয় সেনাৰ সামর্থ্য আৰু শক্তিক লৈ সন্দিহান হোৱাৰ আৱশ্যকতা নাই৷ তদুপৰি বর্তমান ৰাজনৈতিক নেতৃত্বও সেনাৰ সৈতে আছে৷ সীমান্তত সেনাক পূর্ণ স্বাধীনতা দি থোৱা হৈছে৷ চীনৰ নেতৃত্বক প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গালোৱান কাণ্ডৰ পাছতে এটা অর্থৱহ আখ্যা দি থৈছে৷ সম্প্রসাৰণবাদী৷ দেশখনৰ চাৰিও সীমাত থকা এনে এখন ৰাষ্ট্র নাই, যাৰ সৈতে বেইজিঙৰ সীমাবিবাদ নাই৷ ভাৰতৰ সৈতেও চীনৰ সীমাক লৈ বিবাদ আছে৷ চীনে অৰুণাচল প্রদেশখনকে নিজৰ ভৌগলিক সীমাৰ অন্তর্ভুক্ত বুলি দাবী কৰি আহিছে৷ অৱশ্যে এইটোও সত্য যে পৃথিৱীৰ আন বহু দেশত সীমাবিবাদ এটা জ্বলন্ত সমস্যা ৰূপে জীয়াই আছে৷ কিন্তু চীনৰ সৈতে সেই দেশসমূহৰ দৃষ্টিকোণ আৰু সমস্যাটোক মোকাবিলা কৰাৰ ধৰণ আৰু দর্শনৰ পার্থক্য আছে৷ সেয়ে আন দেশৰ সৈতে সীমা সমস্যাৰ মোকাবিলা আৰু চীনৰ সৈতে সমস্যাটোৰে মোকাবিলা একে নহয়৷ ভাৰতবর্ষৰ ৰাজনৈতিক আৰু সামৰিক নেতৃত্বই আজিৰ তাৰিখত কথাটো ভালদৰে উপলব্ধি কৰিব পাৰিছে বাবেই চীনৰ উত্তেজনা, অস্থিৰতা প্রতিদিনে বৃদ্ধি পাই গৈ আছে৷ এতিয়া ভাৰতে পূর্বৰ চৰকাৰসমূহে গ্রহণ কৰি অহা নীতিক প্রায় একাষৰীয়া কৰি সম্পূর্ণ নতুন দিশ এটাৰে গৈ চীনৰে মোকাবিলা কৰিবলৈ লৈছে৷ সীমান্তত চীনৰ সমশক্তিৰ সৈনিক ক্ষমতা মোতায়েন কৰি ৰঙাচকুক ৰঙাচকুৰে উত্তৰ দিয়া হৈছে৷ সীমান্তত আন্তঃগাঁথনি উন্নত কৰা হৈছে৷ সমান্তৰালকৈ ভাৰতে চীনৰ প্রভুত্বক প্রত্যাহ্বান জনাবলৈ আন্তর্জাতিক মঞ্চত বহু শক্তিধৰ ৰাষ্ট্রৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰি আছে৷ কোৱাড তেনে এখন শক্তিশালী মঞ্চ ৷ তদুপৰি, সামুদ্রিক ক্ষেত্রখনতো চীনৰ আধিপত্য বা সম্প্রসাৰণবাদক প্রত্যাহ্বান জনাই ভাৰতে আন্তর্জাতিক মঞ্চৰ শক্তিশালী অংশীদাৰ হৈ পৰিছে৷ এই প্রেক্ষাপটত চীন বহি থাকিব বুলি আশা নকৰাই ভাল৷ কিন্তু গালোৱান, ডোকলাম আদি স্থানৰ ঘটনালৈ চালে দেখা যায় চীনে ভাৰতৰ সৈতে সমুখসমৰত লিপ্ত হোৱাৰ সম্ভাৱনা কম৷ গালোৱানত চীনা সৈন্য মুকলি ঠাইত শিবিৰ পাতি আছিল৷ যুদ্ধ কৰিবলৈ কোনো দেশৰ সেনাই তেনেদৰে শত্রুৰ সহজ লক্ষ্য হ’বলৈ মুকলি ঠাইত নাথাকে৷ উদ্দেশ্য আছিল ভাৰতক ৰঙাচকু দেখুওৱা৷ কিন্তু কামত নাহিল৷ চীনে সেই কামটো আগলৈও কৰি থাকিব৷ আর্থিক ক্ষেত্রখনত শিক্ষা এটা দিব নোৱাৰালৈকে চীনৰ সম্প্রসাৰণবাদ সমাপ্ত নহয়৷ বাৰে বাৰে ভাৰতক চাপত ৰাখিবলৈ অপচেষ্টা চলাই থাকিব৷ ইয়াৰ লগতে আন এটা উল্লেখযোগ্য কথা হৈছে চীনৰ বিশ্বাসযোগ্য লোক বাছনিৰ অদ্ভুত ফর্মুলাটো৷ দেশখনৰ ৰাজনৈতিক নেতৃত্বই নিজৰ দেশৰে জনগণক বিশ্বাস নকৰে৷ সেয়ে চীনত ফেচবুক–টুইটাৰ নাই, স্বতন্ত্র সংবাদ মাধ্যম নাই৷ দেশখনৰ নির্দিষ্ট কিছুমান বিষয়ৰ বাহিৰে মুকলিকৈ চর্চা কৰিলে কাৰাগাৰলৈ যাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷ ব্যক্তি স্বাধীনতাও বহুখিনি সীমাবদ্ধ৷ চীনে ভাৰতক ভয় খোৱাৰ এইটোও অন্যতম কাৰণ৷ চীনৰ নাগৰিক যদি ভাৰতীয় গণতন্ত্রৰ প্রেমত পৰিব লাগে দেশখনৰ ছোভিয়েট ৰাছিয়াৰ দৰে খহি পৰিবলৈ হয়তো বেছি পৰ নালাগিব৷ গতিকে দেশখনৰ সৈতে এটা স্তৰত ভাৰতৰ সংঘাত চলি থাকিব৷ দেশখনে কিন্তু ভাৰতৰ সৈতে সহজে যুদ্ধৰ পর্যায়লৈ নাযায়৷ অর্থনৈতিক স্বার্থ জডিত হৈ আছে৷ ভাৰতে এই অংশটোত আঘাত কৰিব লাগিব৷ ইয়াৰ বাবে ভাৰতত উদ্যোগ–কাৰখানা সংস্কৃতি শক্তিশালী হ’ব লাগিব৷