নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছবি নিৰ্মাতা মীৰা নায়াৰৰ সৈতে আনন্দ মহিন্দ্ৰাৰ পুৰণি সম্পৰ্ক

উদ্যোগপতি আনন্দ মহিন্দ্রা আৰু চলচ্চিত্র নির্মাতা মীৰা নায়ৰৰ চিনাকী কলেজীয়া দিনৰে। তেওঁলোকৰ বন্ধুত্ব বহু পুৰণি। এই কথা জনাই সকলোকে আচৰিত কৰিলে খোদ মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষই।

টুইটাৰত কথাটো জনাই আনন্দ মহিন্দ্ৰাই কয় যে ছালাম বোম্বে ছবিৰ নিৰ্মাতা মীৰা নায়াৰ আৰু তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত একেলগে পঢ়িছিল। দেশৰ আগশাৰীৰ উদ্যোগপতিজনে অলপতে ১৯৭৭ চনত তোলা নিজৰে ব্লেক এণ্ড হোৱাইট ফটো এখন পোষ্ট কৰাৰ পাছত কোনো অনুৰাগীয়ে সুধিছিল যে এই ফটোখন মীৰা নায়াৰে তোলা নেকি? তাৰে উত্তৰত মহিন্দ্ৰাই জনাইছে যে কলেজত তেওঁতকৈ এবছৰ কণিষ্ঠ আছিল মীৰা নায়াৰ।

You might also like