নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিচয় মুছলিম বাবে আঁতৰালে মন্ত্ৰীসভাৰ পৰা

ব্রিটেইনৰ প্রথমগৰাকী মুছলিম মহিলা মন্ত্রী আছিল তেওঁ। পৰিৱহণ দপ্তৰৰ প্রতিমন্ত্রীৰ দায়িত্ব পাইছিল। ২০২০ চনৰ ফেব্রুৱাৰীত সেইগৰাকী নুছৰত গণিক মন্ত্রিত্বৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছিল। নুছৰতৰ দাবী যে, তেওঁ মুছলিম হোৱাৰ বাবে অস্বস্তিবোধ কৰিছিল কনজাৰভেটিভ পার্টীৰ সতীর্থই। সেই কাৰণেই তেওঁক মন্ত্রীসভাৰ পৰা আঁতৰোৱা হৈছিল। ৪৯ বছৰীয়া প্ৰাক্তন মন্ত্ৰীগৰাকীৰ দাবী যে তেওঁক এই কথা চৰকাৰী এগৰাকী দায়িত্বৱাহীয়ে জনাইছে। সংসদীয় নীতিৰ দায়িত্বত থকা সেই নেতাই নুছৰতক কৈছিল, মুছলিম পৰিচয়েই হ’ল তেওঁ মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত হোৱাৰ অন্যতম কাৰণ। প্রধানমন্ত্রী ব’ৰিছ জনছনৰ দপ্তৰৰ পৰা এই লৈ কোনো মন্তব্য প্ৰকাশ নহ’লেও চৰকাৰৰ মুখ্য সচেতক মার্ক স্পেনচাৰে টুইটাৰত লিখিছে যে নুছৰতে আচলতে তেওঁক ইংগিত কৰি এই কথা কৈছে। কিন্তু এই সকলোবোৰ কথা মিছা আৰু ভিত্তিহীন।

You might also like