নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ সম্পত্তিৰ মূল্য বাঢ়িল ৪৮৪৭.৭৮ কোটি টকা

এডিআৰৰ প্রতিবেদন

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ দেশৰ ৰাজনৈতিক দলসমূহৰ মুঠ সম্পত্তিৰ ৭০ শতাংশই কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিৰ৷ নির্বাচন আয়োগৰ তথ্যৰ আধাৰত এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফর্ম চমুকৈ এ ডি আৰত প্রকাশ কৰা প্রতিবেদনত   এই তথ্য৷ ২০১৯–২০ বর্ষত দেশৰ ৭ ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ সম্পত্তিৰ মূল্য ৬,৯৮৮.৫৭ কোটি টকা৷ ইয়াৰে ৭০ শতাংশই বিজেপিৰ অর্থাৎ গেৰুৱা দলটোৰ সম্পত্তিৰ মূল্য ৪,৮৪৭.৭৮ কোটি টকা৷ এ ডি আৰৰ প্রতিবেদন মতে ২০১৮–১৯ চনৰ তুলনাত বিজেপিৰ সম্পত্তিৰ মূল্য ৫৪.২৯ শতাংশ বৃদ্ধি পাইছে৷ উল্লেখ্য যে কংগ্রেছ দলৰ সম্পত্তিৰ পৰিমাণ ৫৮৮.১৬ কোটি টকা৷ কংগ্রেছতকৈ বহুজন সমাজ পার্টী চমুকৈ বি এছ পিৰ সম্পত্তিৰ মূল্য বেছি৷ বি এছ পিৰ সম্পত্তিৰ মূল্য ৬৯৮.৩৩ কোটি টকা৷ আনপিনে চি পি আই (এম)ৰ ৫৬৯.১৯ কোটি টকা, এ আই চি চি তথা টি এম চিৰ ২৪৭.৭৮ কোটি টকা, চি পি আইৰ ২৯.৭৮ কোটি টকা আৰু এন চি পিৰ সম্পত্তি ৮.২০ কোটি টকা৷ ৰাষ্ট্রীয় দলৰ মুঠ ঋণ ৭৪.২৭ কোটি টকা৷ কংগ্রেছৰ ঋণ ৪৯.৫৫ কোটি টকা৷ ইপিনে দেশৰ ৪৪ আঞ্চলিক ৰাজনৈতিক দলৰ মুঠ সম্পত্তিৰ মূল্য ২,১২৯.৩৮ কোটি টকা৷ ইয়াৰে ভিতৰত শীর্ষস্থানত আছে সমাজবাদী পার্টী৷ দলটোৰ সম্পত্তিৰ মূল্য ৫৬৩.৪৭ কোটি টকা৷ টি আৰ এছৰ ৩০১.৪৭ কোটি, এ আই এ ডি এম কেৰ ২৬৭.৬১ কোটি, শিৱসেনাৰ ১৮৫.৯০ কোটি, ডি এম কেৰ ১৮৪.২৪ কোটি আৰু জনতা দল (ইউনাইটেড)ৰ ৪৫.০৯ কোটি টকা৷

You might also like