নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ ব্রাহ্ম’ছ ক্ষেপণাস্ত্র ক্রয় কৰিব ফিলিপাইনছে

৩৭৫ নিযুত ডলাৰৰ চুক্তি স্বাক্ষৰঃ দক্ষিণ চীন সাগৰত বেইজিঙক প্রত্যাহ্বান

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ দক্ষিণ চীন সাগৰত বেইজিঙক প্রত্যাহ্বান জনাবলৈ এইবাৰ ভাৰতৰ দ্বাৰস্থ হ’ল ফিলিপাইনছ৷ বিশ্বৰ দ্রুততম ছুপাৰছ’নিক ব্রাহ্ম’ছ ক্রুইজ ক্ষেপণাস্ত্র ভাৰতৰ পৰা ক্রয় কৰাৰ সিদ্ধান্ত লৈছে পূব এছিয়াৰ দেশখনে৷ ইতিমধ্যে দুয়োখন দেশৰ মাজত এক চুক্তিও স্বাক্ষৰ হৈছে৷ আজি স্বাক্ষৰ হোৱা চুক্তি অনুসৰি, ৩৭৫ নিযুত মার্কিন ডলাৰৰ বিনিময়ত ভাৰতৰ পৰা ব্রাহ্ম’ছ ছুপাৰছ’নিক ক্রুইজ ক্ষেপণাস্ত্র লাভ কৰিব ফিলিপাইনছে৷ অর্থাৎ ভাৰতীয় টকাৰ হিচাপত ২,৭৭০ কোটি টকাৰ বিনিময়ত এই ক্ষেপণাস্ত্র ভাৰতৰ পৰা লাভ কৰিব ফিলিপাইনছে৷ স্মর্তব্য যে শব্দৰ গতিবেগতকৈও তিনিগুণ দ্রুত এই ব্রাহ্ম’ছ ক্ষেপণাস্ত্রৰ গতিবেগ৷ ঘণ্টাত ৪,৩২১ কিঃমিঃ বেগেৰে শত্রুৰ ওপৰত আঘাত কৰিবলৈ সক্ষম এই ক্ষেপণাস্ত্রৰ প্রতি ফিলিপাইনছৰ আছে গভীৰ আস্থা৷ এই চুক্তিৰ দ্বাৰা সেই কথা স্পষ্ট হৈ পৰিছে৷ ফিলিপাইনছৰ ৰাষ্ট্রীয় সুৰক্ষা বিভাগৰ তৰফৰ পৰা ব্রাহ্ম’ছ এৰোস্পেচ প্রাইভেট লিমিটেডলৈ নটিছ অৱ এৱার্ড পঠিওৱা হৈছিল৷

অৱশেষত স্বাক্ষৰিত হ’ল চূড়ান্ত চুক্তি৷ ফিলিপাইনছৰ এই পদক্ষেপক দক্ষিণ এছিয়াৰ কূটনৈতিক প্রেক্ষাপটত অতি গুৰুত্বপূর্ণ বুলি ধাৰণা কৰা হৈছে৷ লক্ষণীয়ভাৱে ভাৰতে প্রথম কোনো বিদেশী ৰাষ্ট্রক এই ব্রাহ্ম’ছ ক্ষেপণাস্ত্র বিক্রী কৰাৰ চুক্তি স্বাক্ষৰ কৰিছে৷ ফিলিপাইনছৰ পিছত ইণ্ডোনেছিয়া আৰু ভিয়েটনামেও এই ক্ষেপণাস্ত্র ভাৰতৰ পৰা ক্রয় কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ লক্ষণীয়ভাৱে পূব এছিয়াৰ ৰাষ্ট্রসমূহে এই অত্যাধুনিক ব্রাহ্ম’ছ ক্ষেপণাস্ত্র ক্রয় কৰিলেই দক্ষিণ চীন সাগৰীয় অঞ্চলত বেইজিঙৰ বিৰুদ্ধে সৃষ্টি হ’ব তীব্র প্রত্যাহ্বান৷ শেহতীয়াকৈ পূব এছিয়াৰ দেশসমূহৰ দৃষ্টিত চীনৰ সৈতে মতানৈক্য থকা ভাৰত দক্ষিণ চীন সাগৰত সমৰাস্ত্র যোগান ধৰা দেশ হিচাপে চিহ্ণিত হ’ব পাৰে৷

You might also like