আম্বানিক অতিক্রম কৰিলে গৌতম আদানিয়ে
নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ কালি শ্বেয়াৰ বজাৰ বন্ধৰ পিছত ভাৰত তথা এছিয়াৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানিক অতিক্রম কৰিছে গৌতম আদানিয়ে৷ অর্থাৎ দেশৰ আটাইতকৈ ধনাঢ়্য ব্যক্তি হিচাপে চিহ্ণিত হৈছে গৌতম আদানি৷ এয়াই প্রথম নহয়, ইয়াৰ পূর্বে যোৱা নৱেম্বৰ মাহতো সম্পত্তিৰ ক্ষেত্রত আম্বানিক অতিক্রম কৰি দেশৰ আটাইতকৈ ধনাঢ়্য ব্যক্তিত পৰিণত হৈছিল আদানি৷ বর্তমান আদানিৰ মুঠ সম্পত্তি ৮৯.৫ বিলিয়ন ডলাৰ৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ৬.৭২ লাখ কোটি টকা৷ ইফালে, আম্বানিৰ মুঠ সম্পত্তি হৈছে ৮৯.৪ বিলিয়ন ডলাৰ৷ ভাৰতীয় মুদ্রাৰ হিচাপত এয়া প্রায় ৬.৭১ লাখ কোটি টকা৷