নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিহাস ৰচি চেম্পিয়ন বার্টি; ৪৪ বছৰৰ অন্তত অষ্ট্রেলিয়ান অ’পেনত খিতাপ জয় ঘৰুৱা খেলুৱৈৰ

নিয়মীয়া বাৰ্তা ,৩০ জানুৱাৰীঃ সুদীর্ঘ ৪৪ বছৰৰ প্রতীক্ষাৰ অন্ত পেলাই অষ্ট্রেলিয়ান অ’পেনত এগৰাকী অষ্ট্রেলিয়ান খেলুৱৈয়ে খিতাপ জয় কৰিবলৈ সক্ষম হ’ল৷ বিশ্বৰ শীর্ষস্থানপ্রাপ্ত অষ্ট্রেলিয়ান তাৰকা এছলে বার্টিয়ে বছৰৰ প্রথমটো গ্রেণ্ডশ্লাম ইভেণ্ট অষ্ট্রেলিয়ান অ’পেনৰ মহিলাৰ ছিংগলছত চেম্পিয়ন হৈছে৷ শনিবাৰে অনুষ্ঠিত তীব্র উত্তেজনাপূর্ণ ফাইনেলত দুবাৰৰ গ্রেণ্ডশ্লাম বিজয়ী বার্টিয়ে আমেৰিকান তাৰকা ডেনিয়েল ক’লিনছক ৬–৩, ৭–৬ (৭–২)ৰ ব্যৱধানত পৰাস্ত কৰি ইতিহাস ৰচে৷ ২০১৯ৰ ফ্রেন্স অ’পেন আৰু ২০২১ৰ উইম্বলডন জয় কৰি প্রতিভা আৰু শক্তিৰ পৰিচয় দিয়া অষ্ট্রেলিয়ান তাৰকাগৰাকীৰ বাবে এয়া হ’ল অষ্ট্রেলিয়ান অ’পেনৰ প্রথমটো আৰু সামগ্রিকভাৱে তৃতীয়টো গ্রেণ্ডশ্লাম খিতাপ৷

উল্লেখ্য যে ১৯৭৮ত ক্রিছ নেইলে অষ্ট্রেলিয়ান অ’পেনৰ মহিলাৰ ছিংগলছত আয়োজক দেশখনৰ অন্তিমগৰাকী খেলুৱৈ হিচাপে খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল৷ সুদীর্ঘ ৪৪ বছৰৰ অপেক্ষাৰ অন্তত অৱশেষত আজি এছলে বার্টিয়ে অষ্ট্রেলিয়ান টেনিছ অনুৰাগীৰ স্বপ্ন পূৰণ কৰি মেলব’নত শ্রেষ্ঠত্ব অর্জন কৰে৷ প্রথমটো ছেট অনায়াসে দখল কৰি অষ্ট্রেলিয়ান তাৰকাগৰাকীয়ে সহজ জয়ৰ ইংগিত দিয়ে যদিও দ্বিতীয়টো ছেটত আমেৰিকাৰ প্রতিদ্বন্দ্বী ডেনিয়েল ক’লিনছৰ পৰা তীব্র প্রত্যাহ্বান লাভ কৰে৷ এটা সময়ত বার্টি ১–৫ৰ ব্যৱধানত পিছপৰি আছিল যদিও শক্তিশালী প্রত্যাৱর্তনেৰে ছেটটো দখল কৰিবলৈ সক্ষম হয়৷

মন কৰিবলগীয়া যে এছলে বার্টিয়ে ইয়াৰ পূর্বে দুটা গ্রেণ্ডশ্লাম জয় কৰাৰ বিপৰীতে ডেনিয়েল ক’লিনছে আজি কেৰিয়াৰৰ প্রথমটো গ্রেণ্ডশ্লাম জয়ৰ লক্ষ্য লৈ ক’টত নামিছিল৷ বিশ্ব ৰেংকিঙৰ ২৭সংখ্যক স্থানপ্রাপ্ত আমেৰিকান তাৰকাগৰাকীয়ে ফাইনেলৰ দ্বিতীয়টো ছেটত এছলে বার্টিক তীব্র প্রত্যাহ্বান আগবঢ়াই আশাৰ সঞ্চাৰ কৰিছিল যদিও শেষ মুহূর্তত থমকি ৰ’বলগীয়া হয়৷ উল্লেখ্য যে মহিলাৰ ছিংগলছৰ চেম্পিয়ন বার্টিয়ে ছেমিফাইনেলত আমেৰিকাৰ মেডিছন কে’ক হৰুৱাই অষ্ট্রেলিয়ান অ’পেনৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছিল৷

You might also like