১১ ফেব্রুৱাৰীলৈ বিশাল নির্বাচনী সমাৱেশত নিষেধাজ্ঞা বাহাল
নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ উত্তৰ প্রদেশ, উত্তৰাখণ্ড, পঞ্জাব, মণিপুৰ আৰু গোৱা বিধানসভা নির্বাচনৰ প্রচাৰ অভিযানত নির্বাচন আয়োগৰ নিষেধাজ্ঞা অৱ্যাহত আছে৷ সোমবাৰে আয়োগৰ তৰফৰ পৰা পুনৰ ঘোষণা কৰা হৈছে যে এতিয়াই ৰাজ্যকেইখনৰ নির্বাচনী প্রচাৰত জনসভা বা মিছিল অনুষ্ঠিত কৰিব পৰা নাযাব৷ নির্বাচনৰ দিন ঘোষণাৰ সময়তে জাৰি কৰা হৈছিল নিষেধাজ্ঞা৷ ক’ভিড মহামাৰীৰ বাবে পাঁচোখন ৰাজ্যৰ প্রচাৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল নির্বাচন আয়োগে৷ দেশত ক’ভিড পৰিস্থিতিৰ সামান্য উন্নতি ঘটিলেও এতিয়াই সোঁশৰীৰে জনসমাগম অনুষ্ঠিত কৰাৰ ক্ষেত্রত অনুমতি দিব বিচৰা নাই আয়োগে৷ নির্বাচন আয়োগৰ তৰফৰ পৰা আগন্তুক ১১ ফেব্রুৱাৰী পর্যন্ত প্রচাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷
অৱশ্যে এই নিষেধাজ্ঞা যথেষ্ট শিথিল কৰিছে আয়োগে৷ পূর্বে ৫০০ লোকক লৈ সমাৱেশ বা সভা অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হৈছিল৷ এতিয়া এনে সভাত সর্বাধিক ১,০০০ লোকে অংশগ্রহণ কৰিব পাৰিব৷ ইয়াৰ উপৰি ঘৰে ঘৰে গৈ প্রচাৰ চলোৱাৰ সময়ত একেলগে দহজন লোকক সমাৱেত হোৱাৰ অনুমতি দিয়া হৈছিল৷ কিন্তু এতিয়া তেনে প্রচাৰত অংশগ্রহণ কৰা লোকৰ সংখ্যা ২০গৰাকীলৈ বৃদ্ধি পাব৷ অর্থাৎ ঘৰে ঘৰে গৈ প্রচাৰ চলালে ২০গৰাকীতকৈ অধিক লোকে অংশগ্রহণ কৰিব নোৱাৰিব৷ ৰাজনৈতিক দলবোৰৰ আভ্যন্তৰীণ বৈঠকৰ ক্ষেত্রত আটাইতকৈ বেছি ৫০০জন লোকে অংশগ্রহণ কৰিব পাৰিব৷ কিন্তু বিশাল জনসভা অনুষ্ঠিত কৰিব নোৱাৰিব প্রার্থীসকলে৷ এইক্ষেত্রত নিষেধাজ্ঞা পূর্বৰ দৰে বাহাল থাকিব৷ মুখ্য নির্বাচন আয়ুক্ত সুশীল চন্দ্রাই আজি এই কথা ঘোষণা কৰিছে৷ উল্লেখনীয় যে ক’ভিড প্রট’কল মানি পাঁচ ৰাজ্যৰ নির্বাচন অনুষ্ঠিত কৰিব বুলি সংকল্প লৈছিল আয়োগে৷