ক’ভিড ঃ ইউৰোপীয় দেশত আঁতৰিবলৈ লৈছে নিষেধাজ্ঞা
বিশেষ বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ কভিড সমাজৰ বাবে কোনো জটিল ৰোগ নহয়। এনে বিবৃতি দি ক’ভিড সংক্ৰান্তীয় সকলো বিধি-নিষেধাজ্ঞা আঁতৰোৱাৰ দিশে ডেনমার্ক। কিন্তু দেশখনত অমিক্রনত বহু মানুহ আক্রান্ত হোৱাৰ সময়তে এই সিদ্ধান্ত কিয়? বিশ্বৰ সবাতোকৈ সফল টিকাকৰণ হোৱা দেশবোৰৰ তালিকাৰ ওপৰৰ পিনে আছে ডেনমার্ক। ডেনিছ বিশেষজ্ঞসকলে কৈছে, আক্রান্তৰ সংখ্যা বহুত হ’লেও হাস্পাতালত ভর্তি হৈছে তাৰে মাজৰ মাত্ৰ কেইজনমান।
গতিকে অযথা বিধি-নিষেধাজ্ঞা আৰোপ কৰি জনজীৱন ব্যতিব্যস্ত কৰাৰ কোনো অর্থ বিচাৰি পোৱা নাই চৰকাৰে। ৫৮ লাখ জনসংখ্যাৰে পৰিপূৰ্ণ ডেনমার্কত যোৱা কেবা সপ্তাহ ধৰি দৈনিক ৫০ হাজাৰ মানুহ কৰোণাত আক্রান্ত হৈছে। কিন্তু হাস্পাতালত ভর্তিৰ সংখ্যা নগণ্য। যোৱা সপ্তাহত ব্ৰিটেইনে প্রায় সমস্ত বিধি-নিষেধাজ্ঞা উঠাই লৈছে। তাত মাস্ক পিন্ধা আৰু বাধ্যতামূলক নহয়। আয়াৰলেণ্ড, নেদাৰলেণ্ডেও লকডাউন শিথিল কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে। দৈনিক বহু মানুহ আক্রান্ত হৈ থকাৰ পাছতো ফ্রান্সত নিষেধাজ্ঞা শিথিল কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে।