নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খালছা ইণ্টাৰনেচনেলসহ ৪২ উগ্রপন্থী সংগঠনক নিষিদ্ধ

ৰাজ্যসভাত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ তথ্যঃ ৩১ ব্যক্তিক সন্ত্রাসবাদী ঘোষণা

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ ভাৰতত বর্তমান নিষিদ্ধঘোষিত সংগঠনৰ সংখ্যা ৪২টা৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে বাবৰ খাল্ছা ইণ্টাৰনেচনেলসহ মুঠ ৪২টা সংগঠনক সন্ত্রাসবাদী হিচাপে ঘোষণা কৰিছে৷ ইয়াৰ সমান্তৰালকৈ বেআইনী কাম–কাজ প্রতিৰোধ আইন (ইউএপিএ)ৰ অধীনত মুঠ ৩১গৰাকী লোকক সন্ত্রাসবাদী হিচাপে ঘোষণা কৰিছে কেন্দ্রীয় চৰকাৰে৷ ইফালে বেআইনী কার্যকলাপত সহযোগিতা আগবঢ়োৱাৰ বাবে ১৩টা সংগঠনক চিহ্ণিত কৰা হৈছে৷ এই সংগঠনকেইটাকো নিষিদ্ধ সংগঠনৰ তালিকাত ৰাখিছে গৃহ মন্ত্রালয়ে৷ আজি ৰাজ্যসভাত গৃহ মন্ত্রালয়ৰ তৰফৰ পৰা এই তথ্য সদৰী কৰা হৈছে৷ ইফালে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ তৰফৰ পৰা কেন্দ্র তথা ৰাজ্যৰ চোৰাংচোৱা সংস্থাসমূহক এই নিষিদ্ধ সংগঠন তথা ব্যক্তিসকলৰ ওপৰত কঠোৰ নজৰ ৰাখিবলৈ নির্দেশো দিয়া হৈছে৷ যিবোৰ সংগঠনক সন্ত্রাসবাদী হিচাপে চিহ্ণিত কৰি নিষিদ্ধ কৰা হৈছে, সেইবোৰৰ প্রথমতে আছে বাবৰ খাল্ছা ইণ্টাৰনেচনেলৰ নাম৷

স্মর্তব্য যে এই সংগঠনটো হৈছে খালিস্তানী সন্ত্রাসবাদী সংগঠন৷ এই সংগঠনৰ প্রধান লক্ষ্য হৈছে শিখ ধর্মাৱলম্বী লোকসকলৰ বাবে স্বাধীন খালিস্তান প্রতিষ্ঠা কৰা৷ এই তালিকাত আছে খালিস্তান কমাণ্ডো ফ’চ, খালিস্তান জিন্দাবাদ ফ’চ আৰু ইণ্টাৰনেচনেল শিখ য়ুথ ফেডাৰেচন তথা খালিস্তান লিবাৰেচন ফ’চৰ নামো৷ সেইদৰে তালিকাত ৰখা হৈছে লস্কৰ–ই–তৈবা ওৰফে পাছৱান–ই–আহলে হাদিছ, জইচ–ই–মহম্মদ ওৰফে তেহৰিক–ই–ফুৰকান, হিজবুল মুজাহিদীন ওৰফে হিজবুল মুজাহিদীন পীৰ পাঞ্জাল ৰেজিমেণ্ট, হৰকট–উল–মুজাহিদ্ ওৰফে হৰকট–উল–আনছাৰ আদি পাক সন্ত্রাসবাদী সংগঠনৰ নাম৷

লক্ষণীয়ভাৱে জম্মু–কাশ্মীৰত নতুনকৈ গঠন হোৱা বিভিন্ন সন্ত্রাসবাদী সংগঠনৰ নামো আছে এই তালিকাত৷ এই ষ কাম–কাজ আগবঢ়াই নিয়াৰ উপৰি কূটাঘাতো চলাই আহিছে৷ লক্ষণীয়ভাৱে অতি বাঁওপন্থী সশস্ত্র সংগঠনবোৰকো কেন্দ্রীয় গৃহ মন্ত্রালয়ে নিষিদ্ধ সংগঠনৰ তালিকাত ৰাখিছে৷ ইয়াৰ ভিতৰত অন্যতম হৈছে চিপিআই (মাওইষ্ট)৷ বিদ্রোহী সংগঠন হিচাপে আলফা, মণিপুৰৰ এমপিএলএফ, নাগালেণ্ডৰ এনএছচিএন (কে), পিএলএ আদি সংগঠনবোৰ এতিয়াও নিষিদ্ধ সংগঠনৰ তালিকাত আছে৷

You might also like