৫ ফেব্ৰুৱাৰীত শ্ৰেষ্ঠত্বৰ যুঁজ : ফাইনেলত ভাৰত-ইংলেণ্ড
নিয়মীয়া বাৰ্তা, ৩ ফেব্রুৱাৰীঃ প্ৰত্যাশা অনুসৰি ভাৰতে ১৯ অনূৰ্ধ্ব বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। কালি নিশা অনুষ্ঠিত দ্বিতীয়খন ছেমিত ভাৰতে অষ্ট্রেলিয়াক ৯৬ ৰানৰ ব্যৱধানত পৰাস্ত কৰে৷
প্ৰথমে বেট ধৰি ভাৰতীয় দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ২৯১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অষ্ট্রেলিয়াই ৪১.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৯৪ ৰানহে কৰে। লাচলান শ্বই সর্বাধিক ৫১, মিলাৰে ৩৮ আৰু অ’পেনাৰ কেম্পবেলে ৩০ ৰানৰ অৱদান আগবঢ়ায়৷ ভাৰতৰ হৈ বিকি অস্তৱালে তিনিটা, ৰবি কুমাৰ আৰু নিশান্ত সিন্ধুই দুটাকৈ, কৌশল টাম্বে আৰু অংকৃশ ৰঘুবংশীয়ে এটাকৈ উইকেট লাভ কৰে৷
প্রথমে বেটিং কৰি অধিনায়ক যশ ধুলৰ দুর্দান্ত শতক আৰু ছাইক ৰছিদৰ চমকপ্রদ ৯৪ ৰানৰ সহায়ত ভাৰতে পাঁচটা উইকেট হেৰুৱাই ২৯০ ৰান কৰে৷ ভাৰতৰ হৈ অধিনায়ক যশে ১১০ ৰান, ছাইকে ৯৪, দীনেশ বানাই অপৰাজিতভাৱে ২০ ৰান কৰে৷ ইফালে ফাইনেলত প্ৰৱেশ কৰাৰ সূত্ৰে ৫ ফেব্ৰুৱাৰীত ভাৰতে শক্তিশালী ইংলেণ্ডৰ মুখামুখি হব। আনহাতে ক্রমাগত চতুর্থবাৰৰ বাবে আই চি চি ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ ক্রিকেটৰ ফাইনেলত প্রৱেশ কৰিলে ভাৰতে৷