২৩ কোটি টকাত বিক্রী অমিতাভৰ দিল্লীৰ বাসগৃহ
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ পৰিয়ালৰ বিলাসবহুল প্রাসাদ বিক্রী কৰি দিলে মেগাষ্টাৰ অমিতাভ বচ্চনে৷ দক্ষিণ দিল্লীৰ গুলমহৰ পার্কৰ এই বাংলোত পূর্বে বাস কৰিছিল অমিতাভৰ পিতৃ আৰু মাতৃ৷ অমিতাভৰ পিতৃ হৰিবংশ ৰায় বচ্চন আৰু মাতৃ তেজী বচ্চনৰ অতি প্রিয় আছিল এই বাসস্থান৷ বিলাসবহুল এই বাসগৃহৰ নাম আছিল ‘সোপান’৷ সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি অমিতাভে ২৩ কোটি টকাত বিক্রী কৰি দিছে এই প্রাসাদটো৷ স্মর্তব্য যে অভিনেতাগৰাকীয়ে শৈশৱ এই প্রাসাদতে কটাইছিল৷ সম্ভৱতঃ এইটোৱেই আছিল বচ্চন পৰিয়ালৰ প্রথম বাসভৱন৷ মুম্বাইলৈ যোৱাৰ পূর্বে পিতৃ–মাতৃৰ সৈতে এই বাসগৃহতে কটাইছিল অমিতাভে৷ ১৯৮০ চনপর্যন্ত হৰিবংশ ৰায় বচ্চনৰ কবিতাৰ আড্ডাও আছিল এই ‘সোপান’৷ ৪১৮.০৫ বর্গমিটাৰ এলেকাজুৰি থকা এই প্রাসাদটো ক্রয় কৰিছে এক বেচৰকাৰী তীখা কোম্পানীৰ চি ই অ’ অৱনী বাদৰে৷ স্মর্তব্য যে অৱনী বাদৰ বচ্চন পৰিয়ালৰ দীর্ঘদিনৰ ঘনিষ্ঠ ব্যক্তি৷ আনকি ‘সোপান’ৰ ওচৰতে আছে অৱনীৰ নিজৰ বাসগৃহ৷