বিশেষ বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ উত্তৰ প্রদেশৰ আসন্ন বিধানসভা নির্বাচনৰ তেওঁ প্রার্থী। ‘ওলে ওলে’ গীতৰ তালত কঁকাল ভাঁজ দি ভাইৰেল হৈছে এইগৰাকী প্ৰাৰ্থী। ভাইৰেল ভিডিঅ’টিক লৈ বিৰোধীয়েও বাক্যশেল মাৰিছে। ‘ভাইৰেল’ সমাজবাদী পার্টীৰ এইগৰাকী প্রার্থী চন্দ্রাৱতী বর্মা।
চন্দ্রাৱতীয়ে উত্তৰ প্রদেশৰ ৰথ বিধানসভা সমষ্টিৰ পৰা ৰণত নামিছে। দুই বান্ধৱীৰ সৈতে ‘ইয়ে দিল্লেগী’ চিনেমাৰ হিট গান ‘ওলে ওলে’ৰ তালত নৃত্য কৰা এই ভিডিঅ’টো চৌদিশে বিয়পি পৰিছে। তাৰ পাছৰ পৰাই তেওঁ চর্চাত। অৱশ্যে, নৃত্য়ৰ ভিডিঅ’টি পুৰণি বুলি দাবী কৰিছে চন্দ্রাৱতীয়ে। ইণ্টাৰনেট ৰীলৰ বাবে এই ভিডিঅ’ তৈয়াৰ কৰিছিল।
চন্দ্রাৱতীয়ে ইয়াৰ পূৰ্বে হায়দৰাবাদৰ এটি জীমৰ প্রশিক্ষক হিচাবে কাম কৰিছিল। ইয়াৰ পূৰ্বে তেওঁৰ ছুইমিং পুলত স্নান কৰা এটি ভিডিঅ’ও ভাইৰেল হৈছিল। নিৰ্বাচনৰ বাবে তেওঁ দুবছৰ ধৰি কাম কৰি আহিছে। গাঁৱে গাঁৱে গৈ এককভাৱে জনতাক লগ কৰিছিল আৰু তেওঁলোকৰ সমৰ্থন ল’বলৈ যত্ন কৰিছে। এই সমষ্টিৰ পৰা সমাজবাদী পাৰ্টীৰ পূৰ্বৰ বিধায়ক গয়াদিন অনুৰাগীক প্ৰাৰ্থিত্ব দিয়াত দলৰ ভিতৰতে বিবাদ হোৱাৰ পাছত অখিলেশ যাদৱে চন্দ্ৰাৱতীক প্ৰাৰ্থিত্ব দিছে।
অনগ্রসৰ জনগোষ্ঠীৰ সদস্য চন্দ্রাৱতী আৰু হেমেন্দ্র সিং ৰাজপুতৰ অসবর্ণ প্রেম-বিবাহকলৈও কম চর্চা হোৱা নাছিল। চন্দ্রাৱতী আৰু তেওঁৰ স্বামী দুয়ো জীমৰ প্ৰশিক্ষক।