ৰাষ্ট্ৰদ্ৰোহ! কাশ্মীৰৰ সম্পাদকক গ্ৰেপ্তাৰ
ছ’চিয়েল মিডিয়াত ৰাষ্ট্ৰদ্ৰোহী পোষ্ট কৰাৰ বাবে কাশ্মীৰৰ এজন সম্পাদকক গ্ৰেপ্তাৰ কৰা হৈছে। দ্য কাশ্মীৰ ৱাল্লা নামৰ পোৰ্টেলটোৰ সম্পাদক ফাহাদ শ্বাহক কাশ্মীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সূত্ৰই সদৰি কৰা অনুসৰি ফাহাদ শ্বাহে ছ’চিয়েল মিডিয়াত লিখিছিল এনেদৰে- tantamount to glorify terrorist activities and intending to create fear among the public to disturb law and order”. সাংবাদিকক গ্ৰেপ্তাৰ কৰা এই ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে কয় যে এনে গ্ৰেপ্তাৰী গৰিহণাযোগ্য। সত্য কথা কোৱাতো ৰাষ্ট্ৰদ্ৰোহ নহয়। চৰকাৰে কিমানজন ফাহাদক গ্ৰেপ্তাৰ কৰিব? আৰক্ষীৰ মতে, কাশ্মীৰৰ কিছুমান সংবাদ প্ৰতিষ্ঠানে সন্ত্ৰাসবাদী কাৰ্যকলাপক মহিমামণ্ডিত কৰি আহিছে।