নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বেৰমান দৈত্য কংস, পৰমেশ্বৰে এই অসুৰক নিয়ন্ত্রণ কৰিবঃ দত্তদেৱ গোস্বামী

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ এগৰাকী জনপ্রতিনিধিয়ে বৰপেটা সত্রৰ ভূমিৰ পৰা খুঁটি উভালি দিয়াটো এটা দুর্ভাগ্যজনক বিষয়৷ এজন জনপ্রতিনিধিয়ে সকলোকে সমভাৱে চাব লাগে, বিনয়ী ভাব থাকিব লাগে৷ বাঘবৰ সমষ্টিৰ বিধায়ক তথা সঘনাই সংবাদ মাধ্যমৰ চর্চাত থকা শ্বেৰমান আলীয়ে অসমৰ পৱিত্র আধ্যাত্মিক স্থান বৰপেটা সত্রৰ ভূমিৰ খুঁটি উভলা কার্যত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে মাজুলীৰ ঐতিহ্যমণ্ডিত শ্রীশ্রী আউনীআটী সত্রৰ সত্রাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে৷ সত্রাধিকাৰগৰাকীয়ে কয়– এনে ধৰণৰ মন্তব্যৰ প্রতিবাদ সকলোৱে কৰিব লাগে, আমি তেওঁৰ কার্যত অত্যন্ত দুখ পাাইছেছা, তেওঁৰ সুমতি আহক৷ আমি বৰপেটা সত্রৰ লগত সদায় আছোঁ বুলি মন্তব্য কৰে সত্রাধিকাৰজনে৷ শ্রীশ্রী ভোগপুৰ সত্রৰ সত্রাধিকাৰ দত্তদেৱ গোস্বামীয়ে তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয়– ভাৰতীয় শাস্ত্রত আসুৰিক আৰু দৈৱিক দুটা সম্প্রদায়ৰ কথা উল্লেখ আছে৷ আসুৰিক আচৰণ হ’ল শান্তিত থকা সমাজখনত অশান্তিৰ বীজ সিঁচা৷ এই আসুৰিক ব্যক্তিৰ শাৰীত পৰে শ্বেৰমান আলী৷ এজন জনপ্রতিনিধিয়ে নিজৰ নম্রতা, ভদ্রতা, শালীনতা বর্তাই ৰাখিব নজনাটো ৰাজ্যৰ বাবে শুভ লক্ষণ নহয়৷ সত্রাধিকাৰজনে শ্বেৰমান আলীক দৈত্য কংস আৰু জৰাসন্ধৰ লগত তুলনা কৰি কয়– পৰমেশ্বৰে এই অসুৰসকলক নিয়ন্ত্রণ কৰিব৷ আমি মাত্র আশা কৰিম পৰমপুৰুষে শ্বেৰমান আলীক সুমতি দিয়ক, সত্রৰ প্রতি তেওঁৰ যি বৈৰী মনোভাব, জাতিটোৰ বাবে যি বৈৰিতা চিন্তা কৰিছে এয়া ভাল কথা নহয়৷ বিধায়ক আলীৰ সদ্ভভাব আহক বুলি ঈশ্বৰলৈ প্রার্থনা জনায় সত্রাধিকাৰগৰাকীয়ে৷ আনহাতে, তীব্র প্রতিক্রিয়া প্রকাশ কৰি বিশ্ব হিন্দু মহাসংঘ, অসমৰ সভাপতি তথা মাজুলীৰ দক্ষিণপাট গৃহশ্রামী সত্রৰ সত্রাধিকাৰ জনার্দন দেৱগোস্বামীয়ে শ্বেৰমান আলী এজন বিতর্কিত লোক, তেওঁ পাগলামি কৰিছে৷ এই পাগলামি বিশ্ব হিন্দু মহাসংঘই কেতিয়াও মানি নোলোৱাৰ কথা স্পষ্ট কৰি দিয়াৰ লগতে চৰম সকীয়নি প্রদান কৰি চৰকাৰক কঠোৰ স্থিতি গ্রহণৰ দাবী জনোৱাৰ লগতে এনে ব্যক্তিৰ স্থান কাৰাগাৰত হ’ব লাগে বুলি মন্তব্য কৰে৷
‘সঁচা মুছলমানে কেতিয়াও বেদখল নকৰিব সত্রৰ মাটি’
সঁচা অর্থত যদি কোনোবা মুছলমান হয়, তেনেহ’লে তেওঁ সত্রৰ মাটি কেতিয়াও বেদখল নকৰিব৷ কোনো মুছলমানে সত্রৰ মাটি বেদখল কৰক, এজন মুছলান হিচাপে মই সেই কথা কেতিয়াও মানি ল’ব নোৱাৰোঁ৷ –সত্রৰ মাটি মুছলমানে বেদখল কৰাক লৈ অসমত তীব্র প্রতিক্রিয়া সৃষ্টি হৈ থকাৰ সময়ত বৰপেটাৰ সাংসদ আব্দুল খালেকে  নতুন দিল্লীত সাংবাদিকৰ আগত অতি তাৎপর্যপূর্ণ এই মন্তব্য আগবঢ়াইছে৷ খালেকৰ বক্তব্য– এয়া সঁচা কথা যে বান– গৰাখহনীয়াত অসমত হাজাৰ হাজাৰ লোক ভূমিহীন হৈছে৷ পিছে খহনীয়াত জাহ যোৱা ভূমিহীন লোকক ভূমি প্রদান কৰাটো চৰকাৰৰ দায়িত্ব তথা কর্তব্য বুলি কংগ্রেছৰ সাংসদজনে মত ব্যক্ত কৰে৷ তদুপৰি মুছলমান সমাজত জাকাতৰ ব্যৱস্থা আছে৷ খালেকৰ বক্তব্য– চৰকাৰে ব্যৱস্থা নল’লে তথা নিজৰ দায়িত্ব পালনত ব্যর্থ হ’লে সামর্থ্যৱান মুছলমানে জাকাতৰ জৰিয়তে ভূমিহীন মুছলমানক ভূমিৰ আবণ্টন দিব পাৰে৷ পিছে বেদখলকাৰীৰ ধর্ম বিচাৰ কৰাটোও উচিত নহয় বুলি খালেকে সাংবাদিকৰ আগত মন্তব্য কৰে৷ উল্লেখ্য যে লোকসভাত ৩৭৭সংখ্যক অধিনয়মৰ অধীনত সাংসদ খালেকে আজি নামনি অসমত এখন কেন্দ্রীয় বিশ্ববিদ্যালয় স্থাপন কৰাৰ দাবী জনাইছে৷

You might also like