নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ হৈ প্রচাৰ চলোৱা মাহী বিজেপিত!

বিশেষ বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ যোৱা পৌৰসভাৰ নিৰ্বাচনত কংগ্রেছৰ প্রার্থীৰ হৈ প্রচাৰত নমা দেখা গৈছিল ‘দেব ডি’ খ্যাত অভিনেত্ৰী মাহী গিলক। পাঞ্জাৱৰ আসন্ন নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তেওঁ যোগ দিলে পদ্ম শিবিৰত। সোমবাৰে দুপৰীয়া তেওঁ যোগ দিলে বিজেপিত। চণ্ডীগড়ৰ জাঠ শিখ পৰিয়ালৰ সদস্য মাহীক বিজেপিয়ে প্রার্থিত্ব দিব পাৰে বুলি খবৰ ওলাইছে। বলীউডত মাহী গিলৰ পৰিচয় গঢ়ে অনুৰাগ কাশ্যপ পৰিচালিত ‘দেব ডি’ চিনেমাৰ জৰিয়তে।

২০১০চনত এই চিনেমাখনৰ বাবে ‘ফিল্মফেয়াৰ’ পুৰস্কাৰ লাভ কৰে। তাৰ পাছত ‘পান সিং তোমৰ’, ‘চাহেব, বিবি অউৰ গেংষ্টাৰ’ৰ দৰে জনপ্রিয় ছবিতো অভিনয় কৰিছে। কাম কৰিছে পঞ্জাৱী চিনেমাতো। শেহতীয়াকৈ একাধিক ৱেব ছিৰিজতো দেখা গৈছে। এইবাৰ পর্দাৰ অভিনেত্রীৰ পৰা বাস্তৱৰ নেত্রীৰ ভূমিকাত দেখা যাব পাৰে মাহীক। সোমবাৰে চণ্ডীগড়ত বিজেপিৰ কেন্দ্রীয় নেতৃত্বৰ উপস্থিতিত গেৰুৱা পতাকা তুলি ললে মাহীয়ে। উল্লেখ্য যে, যোৱা ডিচেম্বৰত চণ্ডীগড় পৌৰসভাৰ ২ নং ৱার্ডৰ কংগ্রেছ প্রার্থী হৰমহিন্দৰ সিং লাকীৰ সমর্থনত প্রচাৰত নমা দেখা গৈছিল মাহীক।

You might also like