দেশৰ প্ৰখ্যাত উদ্যোগপতি আনন্দ মহিন্দ্রাই শেহতীয়াকৈ এখন গাঁৱৰ ফটো নিজৰ অফিচিয়েল টুইটাৰত শ্বেয়াৰ কৰিছে। তেওঁ গাঁৱখনৰ দোকান এখনত চাহ খোৱাৰ লগতে ছেলফী লোৱাৰ ইচ্ছা প্রকাশ কৰিছে। চাওঁ আহক কি বিশেষ এই দোকানখন।
One of the best selfie spots in India? An unmatchable slogan: “Hindustan ki Antim Dukan.” A cup of tea there is priceless. https://t.co/7dTxVlHwAG
— anand mahindra (@anandmahindra) February 9, 2022
উত্তৰাখণ্ডৰ এখন জিলা চমোলি। এই জিলাখনে চীনৰ সীমান্ত চুইছে। চীনৰ সীমান্তৱৰ্তী এই জিলাখনৰ এখন গাঁও মানা। এই গাঁৱখন ভাৰতৰ সকলোতকৈ শেষৰ গাঁও আৰু ইয়াতেই আছে দেশৰ সকলোতকৈ অন্তিমখন দোকান। ইয়াত আছে বিখ্যাত ছেলফী পইন্ট এটাও। এই দোকানলৈ অহা কোনেও তাত ছেলফী ল’বলৈ নাপাহৰে। প্ৰচলিত বিশ্বাস যে এই দোকানৰ পাছতেই আছে স্বর্গ যোৱাৰ পথ।দৰাচলতে, ইয়াৰে স্থানীয় লোকৰ বিশ্বাস যে মানা গাঁৱৰ মহাভাৰতৰ সৈতে বিশেষ সংযোগ আছে। এই গাঁৱৰ পুৰণি নাম মণিভদ্রপুৰম। এই স্থানৰ পৰাই পঞ্চপাণ্ডৱ স্বর্গলৈ গৈছিল। ২৫ বছৰ পূৰ্বে চন্দেৰ সিং বড়ৱাল নামৰ মানুহজনে ইয়াত দোকানখন খুলিছিল। তাৰ পাছতেই এই দোকানখন সমগ্ৰ দেশতে বিখ্যাত হৈ পৰে। উত্তৰাখণ্ডলৈ ফুৰিবলৈ যোৱা মানুহে এই গাঁও আৰু দোকানলৈ গৈ ছেলফী ল’বলৈ নাপাহৰে। তাৰ পাছত দোকানত পোৱা চাহত চুমুক দিয়ে। ইয়াত বৰ সোৱাদপূৰ্ণ মেগী পোৱা যায়।