নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিজাব, আত্মসন্মান আৰু প্ৰবক্তাৰ ইস্তফা

কৰ্ণাটকৰ হিজাব বিবাদ শেষ হোৱাৰ নাম নোলোৱা হৈছে। এইবাৰ এগৰাকী ইংৰাজী বিষয়ৰ প্ৰবক্তাই চাকৰিৰ পৰা ইস্তফা দিছে। ৰাজ্যখনৰ জৈন পি ইউ কলেজৰ প্ৰবক্তাগৰাকীৰ মতে, হিজাব আঁতৰাই পঢ়াবলৈ তেওঁ অসুবিধা পাইছে। বলপূৰ্বক হিজাব আঁতৰোৱা কাৰ্যই তেওঁৰ আত্মসন্মানত লাগিছে, সেয়ে তেওঁ চাকৰিৰ পৰা ইস্তফা দিয়ে। হিজাব বিবাদৰ গোচৰ এতিয়াও উচ্চ ন্যায়ালয়ত আছে আৰু স্কুল-কলেজত হিজাব তথা আন কোনো ধৰ্মীয় পোছাক পিন্ধা বাৰণ কৰা হৈছে। এই বিবাদৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত ২৪ফেব্ৰুৱাৰীলৈ ১৪৪ধাৰা জাৰি ৰখা হৈছে।

You might also like