নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোৰ পত্নী সুন্দৰী, তেওঁক ওভোতাই লাগে…

সুন্দৰী পত্নী। কিন্তু গিৰিয়েকৰ সৈতে সংসাৰ কৰিব নিবিচাৰে। তেওঁক এৰি মাকৰ ঘৰলৈ গুচি গৈছে। পত্নীক ওভোতাই পাবলৈ এইবাৰ আৰক্ষীৰ দ্বাৰস্থ হৈছে মধ্যপ্রদেশৰ ছতৰপুৰ জিলাৰ এজন যুৱক। হাতে লিখা আবেদন পত্র লৈ আৰক্ষী চকীত হাজিৰ হোৱা যুৱকজনৰ নাম নন্দু পাল। তেওঁৰ আৱেদন শুনি আৰক্ষীও হতভম্ব। আৰক্ষীক নন্দুৰ কাতৰ আৱেদন যে তেওঁৰ সুন্দৰী পত্নীক ওভোতাই আনি দিব লাগে। ইয়াৰ পাছৰ কথা শুনি আৰু আচৰিত হ’ল আৰক্ষীকর্মী। নন্দুৱে কয়- ছাৰ, মই পত্নীৰ দৰে সুন্দৰী নহয়, সেয়ে হয়তো মোৰ সৈতে সংসাৰ কৰিব নিবিচাৰে। কিন্তু তেওঁক ওভতাই পাব বিচাৰোঁ মই।

উল্লেখনীয় যে, বিগত বৰ্ষৰ ৩০ এপ্রিলত নন্দু আৰু ৰীনা পালৰ বিয়া হৈছিল। বিয়াৰ পাছত মাত্র তিনি দিন থাকিয়েই পিতৃগৃহলৈ গৈ আৰু উভতি নাহে পত্নী। নন্দুৰ অভিযোগ যে পত্নীক আনিবলৈ গৈয়ো তেওঁ বিমুখ হৈছে, আনকি তেওঁক শহুৰ পৰিয়ালৰ মানুহে মাৰধৰো কৰিছে।

You might also like