নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকৌ ক্ৰিকেটৰ পথাৰত ইস্ত্ৰী, পিচে এইবাৰ ক’ত ?

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ বিশ্বৰ সকলোতকৈ ধনী ক্ৰিকট ব’ৰ্ড ৰূপে জনাজাত বিচিচিআই পুনৰ বাৰ আহিছে চৰ্চালৈ । মাত্ৰ কেইটামান দিন পূৰ্বে অসমত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতীয় দলৰ প্ৰথম টি-২০ ত বৰষুণে বিধি পথালি দিয়াত পিটছ শুকুৱাবলৈ ব্যৱহাৰ কৰা দেখা গৈছিল হেয়াৰ ড্ৰায়াৰ, ইস্ত্ৰী আৰু ভেকুৱাম ক্লীনাৰ । যাৰ পাছতে এই ঘটনাই সমগ্ৰ বিশ্বতে বিচিচিআইক তীব্ৰ সমালোচনা কৰা দেখা গৈছিল ।

পিছে এইবাৰ পুনৰ কোচবিহাৰ ট্ৰফীৰ এখন খেলৰ পূৰ্বে সেমেকা পিটছ শুকুৱাবলৈ কৰ্মচাৰীয়ে ব্যৱহাৰ কৰা দেখা গ’ল ইস্ত্ৰীৰ  ।

উল্লেখ্য যে এই ঘটনা কানপুৰৰ কমলা ক্লাৱ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ’বলগীয়া কোচবিহাৰ ট্ৰফীৰ দিল্লী আৰু উত্তৰ প্ৰদেশৰ এখন খেলৰ পূৰ্বে সংঘটিত হয় ।

ইপিনে এই খবৰৰ পাছতে সমগ্ৰ দেশজুৰি পুনৰ বাৰ বিচিচিআইক ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰা দেখা গৈছে ।

You might also like