নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ পঞ্জাব বিধানসভা নির্বাচনৰ আজি একেটা পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ ঠিক তেনেদৰে উত্তৰ প্রদেশৰ তৃতীয় পর্যায়ৰ ভোটগ্রহণ হ’ব৷ পঞ্জাব বিধানসভাৰ ১১৭টা সমষ্টিত আজি পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে ভোটগ্রহণ কৰা হ’ব৷ ১১৭টা সমষ্টিত ১,৩০৪ প্রার্থীৰ ভাগ্য ই ভি এমত বন্দী হ’ব৷ প্রার্থীৰ ভিতৰত ১,২১১ পুৰুষ আৰু ৯৩গৰাকী মহিলা৷
মন কৰিবলগীয়া যে ভাৰতৰ নির্বাচন আয়োগে প্রকাশ কৰা মতে, আজি পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে হ’বলগীয়া ভোটগ্রহণৰ বাবে সকলো যাৱতীয় ব্যৱস্থা সাজু কৰি তোলা হৈছে৷ আয়োগে পূর্বে ঘোষিত ১৪ ফেব্রুৱাৰীৰ সলনি পিছলৈ নির্বাচনৰ দিন পিছুৱাই ২০ ফেব্রুৱাৰীত নির্ধাৰণ কৰা হৈছিল৷ ১৪ ফেব্রুৱাৰীত গুৰু ৰবি দাস জয়ন্তী উপলক্ষে সকলো ৰাজনৈতিক দলৰ আহ্বানমর্মে আয়োগে ভোটগ্রহণৰ দিন পুনৰ নির্ধাৰিত কৰে৷ আজি ভোটগ্রহণত ৰাজ্যখনৰ কংগ্রেছৰ মুখ্যমন্ত্রী চৰণজিৎ চান্নী, প্রাক্তন মুখ্যমন্ত্রী কেপ্ঢেইন অমৰিন্দৰ সিং, কংগ্রেছৰ ৰাজ্যিক সভাপতি নৱজোৎ সিং সিদ্ধু, প্রকাশ সিং বাদল, সুখবীৰ সিং বাদল আৰু আপৰ মুখ্যমন্ত্রী পদৰ প্রার্থী ভগৱন্ত মানৰ ভাগ্য নির্ণয় হ’ব৷
ইপিনে, প্রথম দুটা পর্যায়ৰ ভোটগ্রহণ সুকলমে হৈ যোৱাৰ পাছত আজি উত্তৰ প্রদেশত তৃতীয় পর্যায়ৰ ভোটগ্রহণ হ’ব৷ ১৬খন জিলাক সামৰি ৫৯ বিধানসভা সমষ্টিত ২.১৫ কোটি ভোটাৰে ভাগ্য নির্ণয় কৰিব ৬২৭গৰাকী প্রার্থীৰ৷ ভোটগ্রহণ হ’বলগীয়া জিলাকেইখন হৈছে ফিৰোজাবাদ, ইটাহ, কাচগঞ্জ, হাথৰচ, মেইনপুৰী, ফাৰুখাবাদ, কনৌজ, ইটাৱাহ, ঔৰাৰিয়া, কানপুৰ দেহাত, কানপুৰ নগৰ, জালাউন, ঝাঞ্চী, ললিতপুৰ, হামীৰপুৰ আৰু মাহোবা৷ আজি ভোটগ্রহণত ৰাজ্যখনৰ প্রাক্তন মুখ্যমন্ত্রী তথা এছ পিৰ মুৰব্বী অখিলেশ যাদৱ, শিৱপাল সিং যাদৱ আদি অন্যতম৷