খং উঠিছে, নাপাতোঁ বিয়া, ৰভাতলীৰ পৰা উভতিল দৰা
বিশেষ বাৰ্তা, ২১ফেব্ৰুৱাৰীঃ নাচি-বাগি কইনাঘৰত আহি পাইছিলহি বৰযাত্রী। ৰভাতলীত বহিছিলো দৰা। কিন্তু, তেনেতে হঠাৎ বিয়াৰ আনন্দ-কোলাহল আঁতৰি আৰম্ভ হ’ল হট্টগোল। বিয়া নাপাতি বৰযাত্রীক লৈ ঘৰলৈ উভতিলে দৰা। আৰু কইনা পক্ষই কাষ চাপিল আৰক্ষী। এই ঘটনা বিহাৰৰ পুর্ণিয়া জিলাৰ ঈশ্বৰীতলাৰ। জানিব পৰা মতে, কইনাপক্ষই খাবলৈ দিয়াত পলম কৰা বাবেই প্ৰথমে কাজিয়া আৰম্ভ হয়। কথা বাঢ়ি গৈ গৈ শেষত ৰভাতলীৰ পৰা উঠি গ’ল দৰা, নাপাতে বিয়া। কইনাপক্ষৰ হৈ স্থানীয় গাওঁ পঞ্চায়তৰ প্রতিনিধিৰ পৰা আৰম্ভ কৰি কোনেও বুজাব নোৱাৰিলে দৰাক। তেওঁ আকোঁৰগোজ। বৰযাত্রীক খাবলৈ দিয়াত দেৰি হোৱাক লৈ বাৰে বাৰে প্রশ্ন কৰি বিয়া নাপাতি উভতি গ’লগৈ। অকল সেয়াই নহয়, বিয়াত পোৱা যাৱতীয় উপহাৰ কইনাপক্ষক ওভোতাই দিয়ে দৰাৰ দেউতাকে। অপমানিত কইনাপক্ষই পাছত আৰক্ষীৰ কাষ চাপি অভিযোগ দাখিল কৰে। দৰা আৰু তেওঁৰ পিতৃৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।